3 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Sep 24, 2021, 2:58 PM IST

3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি

1. পূজাৰ পাচতেই উপ-নিৰ্বাচন বিচাৰিছে দিছপুৰে

আগন্তুক দুৰ্গা পূজাৰ পাচতেই উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে ৰাজ্য চৰকাৰে ৷ কৰ’ণা(Corona) পৰিস্থিতি অসমত ইতিমধ্যে যথেষ্ঠ উন্নত হৈছে আৰু উপ-নিৰ্বাচন অনুষ্ঠিত কৰাত কোনো বাধাৰ সৃষ্টি নকৰিব বুলিও আশা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ।

2.গৰুখুঁটিৰ ঘটনাক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া: হিমন্ত বিশ্ব সাম্প্ৰদায়িক

দৰঙৰ গৰুখুঁটিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ(Akhil Gogoi)ৰ । গৰুখুঁটিৰ এই উচ্ছেদ BJP চৰকাৰে পৰিকল্পিতভাৱে সংখ্যালঘু সম্প্ৰদায়টোৰ ওপৰত চলোৱা উচ্ছেদ বুলি উল্লেখ কৰি বিজেপি চৰকাৰখনে সমগ্ৰ পৃথিৱীতে অসমীয়া জাতিটোক লজ্জিত আৰু হেয় প্ৰতিপন্ন কৰিছে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

3.কমলা হেৰিছ আৰু প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমখন বৈঠক

ক'ভিড পৰিস্থিতিৰ সময়ত মাৰ্কিন উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে প্ৰধানমন্ত্ৰীৰ সৈতে ফোনত কথা পাতিছিল যদিও শুকুৰবাৰে শাৰীৰিকভাৱে প্ৰথমখন বৈঠকত মিলিত হয় দুয়োগৰাকী শীৰ্ষ নেতা । প্ৰধানমন্ত্ৰী মোডী আৰু কমলা হেৰিছৰ এই বৈঠকত কেইবাটাও বিষয়ে স্থান লাভ কৰে ৷

4.দৰঙৰ ঘটনাৰ বিৰুদ্ধে বৰপেটাত প্ৰতিবাদী কাৰ্যসূচী: আৰক্ষীৰ বাধা

দৰঙৰ গৰুখুঁটিত উচ্ছেদ কাৰ্যত বাধা প্ৰদানৰ সময়ত আৰক্ষীৰ গুলিত দুজনকৈ লোক নিহত হোৱা ঘটনাৰ বিৰুদ্ধে বৰপেটাত ৰাইজৰ দল(Raijor Dal), যুৱ বল, কৃষক মুক্তি(KMSS) আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি(SMSS)ৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ পুত্তলিকা দাহৰ কাৰ্যসূচী ৷ পিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ পূৰ্বেই ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানসহ প্ৰায় কুৰিগৰাকী প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে ৷

5.গৰুখুটিত হিংসাত্মক পৰিস্থিতি: দৰঙত 12 ঘণ্টীয়া বন্ধ

শুকুৰবাৰে দৰঙত 12 ঘণ্টীয়া বন্ধৰ আহ্বান সমন্বয়ৰক্ষী সমিতিৰ ৷ দৰং জিলা প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ জনাই পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বন্ধ পালন কৰিব ঘটনাৰ বিৰোধীসকলে ৷

6.শিশুৰ বাবে ভয়াৱহ নেকি কৰ'ণা ভাইৰাছৰ "ডেল্টা" প্ৰকাৰ ?

কৰ'ণা ভাইৰাছ(Corona Virus)ৰ সংক্ৰমণে ভয়াৱহ সংকটৰ মাজলৈ সমগ্ৰ বিশ্বকে । ২০১৯ চনৰ শেষৰ ফালে আৰম্ভ হোৱা সংক্ৰমণে অতি কম সময়ৰ ভিতৰতে বিশ্বৰ প্ৰায়বোৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিলে । ভাৰতত দ্বিতীয় ঢৌৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে এতিয়া কৰ'ণা ভাইৰাছৰ "ডেল্টা"(Delta) প্ৰকাৰক লৈ বৃদ্ধি পাইছে শংকা । বিশেষকৈ শিশুসকলক এই "ডেল্টা"ই অধিক ক্ষতি কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈ আহিছে । শেহতীয়াকৈ বিশেষজ্ঞসকলে এই সন্দৰ্ভত আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ মতামত ।

7.গাহৰি মাংস বিক্ৰিত নিষেধাজ্ঞা : ডিফুত গাহৰি বিক্ৰেতাৰ মাজত হাহাকাৰ

যোৱা 26 আগষ্টত ডিফুৰ পযেশনেট মাল্টি ফাৰ্মত গাহৰিৰৰ দেহত আফ্ৰিকান ছোৱাইন ফ্লুৰ অৱস্থিতি ধৰা পৰিছিল ৷ ইয়াৰ পিছতে সংশ্লিষ্ট বিভাগৰ বিশেষজ্ঞৰ উপস্থিতিত ফাৰ্মখনৰ ৪০০ টা গাহৰি নিধন কৰি হৈছিল ৷ ফাৰ্মখনত ছোৱাইন ফ্লুৰ অৱস্থিতি ধৰা পৰাৰ পিছতে স্থানীয় প্ৰশাসনে গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে ৷ এই লৈ স্থানীয় প্ৰশাসন বা ডিফু পৌৰ নিগমে কোনো লিখিত জাননী বিক্ৰেতাসকলক দিয়া নাছিল যদিও মৌখিক নিৰ্দেশনাকে মানি বিক্ৰেতাসকলে গাহৰি মাংস বিক্ৰী বন্ধ ৰাখিছে ৷

8.গৰুখুঁটি ঘটনাক লৈ উচটনিমূলক কাৰ্যৰ পৰা বিৰোধীক বিৰত থকাৰ আহ্বান বিজেপিৰ

গৰুখুঁটি ঘটনাক লৈ বিৰোধীৰ স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কামাখ্যা প্ৰসাদ তাছাৰ ৷ এই ঘটনাক ৰাজনীতিকৰণ কৰি বিৰোধী দলসমূহে নিকৃষ্ট মানসিকতাৰ পৰিচয় দাঙি ধৰিছে বুলি মন্তব্য তাছাৰ ৷ বিৰোধীক উচটনিমূলক কাৰ্যৰ পৰা বিৰত থকাৰ আহ্বান ৰাজ্যিক বিজেপিৰ ৷

9.ভূমিকম্পৰ ক্ষয়ক্ষতি হ্ৰাস কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাত আৰম্ভ বিশেষ আঁচনি

ভূমিকম্পৰ ফলত বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি হোৱা দেখা যায় । কিন্তু অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এই ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পাৰি । এইবাৰ তেনে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি বিদ্যালয়, পুৰণি অট্টালিকা আদি পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ।

10.ভাৰতত বিনিয়োগৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ কৰ্পোৰেট গোষ্ঠীৰ

আমেৰিকা ভ্ৰমণৰ সময়তে দেশখনৰ বৃহৎ কোম্পানীবোৰৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ভাৰতত কোম্পানীবোৰে ব্যৱসায় বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিয়ে । প্ৰধানমন্ত্ৰীগৰাকীয়েও কোম্পানীবোৰক ভাৰতত অধিক বিনিয়োগ, গৱেষণাৰ বাবে আহ্বান জনায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.