বেদেতি চাহ বাগিচাৰ ৰংগমঞ্চত পঞ্চম বাৰ্ষিকী ৰাষ্ট্ৰীয় পোষণ মাহ পালন

author img

By

Published : Sep 17, 2022, 7:45 AM IST

national nutrition month celebrated in Bedeti

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিহালীৰ বেদেতি চাহ বাগিচাৰ ৰংগমঞ্চত খণ্ড পৰ্যায়ৰ ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে (national nutrition month celebrated in Bedeti )৷

বিহালী, 17 ছেপ্টেম্বৰ: সমগ্ৰ দেশজুৰি 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ পালন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিহালীৰ বেদেতি চাহ বাগিচাৰ ৰংগমঞ্চত খণ্ড পৰ্যায়ৰ ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে (national nutrition month celebrated in Bedeti )৷

নৱবিবাহিতা মহিলা, শিশুসকলক লৈ শুকুৰবাৰে বেদেতী চাহবাগিচাৰ ৰংগমঞ্চত ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰে ৷ বিহালী সংহত শিশু উন্নয়নৰ প্ৰকল্পৰ পৰিসংখ্যা বিষয়া সত্যজিৎ শৰ্মায়ে আঁতধৰা সভাখনত শুভাৰম্ভণিতে অংগনবাদী কৰ্মীসকলে সমবেত সংগীত পৰিবেশন কৰে ৷

বাৰ্ষিকী ৰাষ্ট্ৰীয় পোষণ মাহ পালন

অনুষ্ঠানত সভাপতিৰ আসন অলংকৃত কৰে বিহালী সংহত শিশু উন্নয়নৰ প্ৰকল্পৰ বিষয়া চাৰুলতা দাসে । ইয়াৰ পিছতে কিশোৰ-কিশোৰীসকলে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে । বিহালী মহকুমাৰ স্বাস্থ্য বিষয়া যোগেন চন্দ্ৰ বে’য়ে গৰ্ভৱতী মহিলা, এনিমীয়া অথবা ৰক্তহীনতাৰ বিষয়ে বহলাই বক্তব্য ৰাখে । সভাখনত প্ৰদৰ্শনীমূলক পুস্তিকৰ শাক পাচলি প্ৰদৰ্শন কৰে ।

এই সভাত ইউনিচেফৰ জিলা সমন্বয় বিষয়া ঝৰ্ণা গোস্বামীয়ে শিশু, মহিলা উদ্দেশ্যি বক্তব্য প্ৰদান কৰে । এই সভাত বিহালীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নবৰত্ন কাকটি, জিলা প্ৰকল্প সমন্বয়ক পৰিস্মিতা দত্ত, চুপাৰ ভাইজাৰ দিপালি হাজৰিকা, ৰময়ন্তী ৰায়মেধী আৰু সমূহ অংনবাদী কৰ্মী আৰু সহায়িকাসকল উপস্থিত থাকে ৷ সভাত বেদেতি বাগিচা অঞ্চলৰ প্ৰায় দুই শতাধিক মহিলাসহ শিশুৱে অংশ লয় ৷

লগতে পঢ়ক: দুৰ্গাপূজাৰ বাবে বিশেষ নিৰ্দেশনা আৰক্ষী-প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.