বিহালীত অবৈধ অৰুণাচলী সুৰাসহ এজনক আটক

author img

By

Published : Sep 27, 2022, 7:54 AM IST

illegal arunachal liquor seized in bihali

বিশ্বনাথৰ বিভিন্ন স্থানত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ বেহা (Illegal Arunachal liquor trade continues)। অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান (Strict action against illegal sale of liquor) । সোমবাৰে বিহালী সমষ্টিৰ বৰগাং আৰক্ষীয়ে জব্দ কৰে কাৰ্টনে কাৰ্টনে অৰুণাচলী সুৰা (Illegal liquor seized at Bihali)।

বিহালী,২৬ ছেপ্টেম্বৰ: ৰাজ্যত বৰ্তমানো অব্যাহত অৰুণাচলী সুৰাৰ ব্যৱসায়(Illegal Arunachal liquor trade continues) । বিশেষকৈ বিশ্বনাথ আৰু বিহালী হৈ সৰবৰাহ হয় এই অৰুণাচলী সুৰা । আৰক্ষীয়েও অৰুণাচলী সুৰাৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান(Strict action against illegal sale of liquor ।

বিশেষকৈ বিহালী সমষ্টিৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষী তথা আৱকাৰী বিভাগে । সোমবাৰে বিহালী সমষ্টিৰ বৰগাং আৰক্ষীয়ে ৭ কাৰ্টন অবৈধ অৰুণাচলী সুৰাসহ এজন লোকক আটক কৰে(Illegal liquor seized at Bihali) ।

সোমবাৰে AS12Y1063 নম্বৰৰ এখন বাহনত ৭ কাৰ্টন অবৈধ অৰুণাচলী সুৰাসহ এটা সুৰা সৰবৰাহকাৰীক আটক কৰে বৰগাং আৰক্ষীয়ে । আৰক্ষী সূত্ৰই প্ৰকাশ কৰে যে পুৱা ১০ মান বজাত বিহালীৰ প্ৰসেজিৎ সেন নামৰ যুৱকজনে গহপুৰৰ হেলেমৰ দিশৰ পৰা গৈ বৰগাঙৰ শুকানসূঁতি অঞ্চলত প্ৰৱেশ কৰোঁতেই বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বুছিং বেৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোয়ে আটক কৰে যুৱকজনক ।

বৰ্তমানো অধিক তথ্যৰ সন্ধানত যুৱকজনক বৰগাং আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: নিশা সাধাৰণ জনতায়ো কাজিৰঙা ভ্ৰমণ কৰিব পাৰিবনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.