ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ

author img

By

Published : Sep 13, 2021, 7:54 AM IST

Identity card with important documents recovered

নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ নিৰুদ্দিষ্ট ব্যক্তি লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ শেহতীয়াকৈ বিশ্বনাথৰ লুইতৰ ঘাটত উদ্ধাৰ হৈছিল ৷ তাৰ পূৰ্বে নৈৰ পাৰত উদ্ধাৰ হৈছিল বৰাৰ পত্নীৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ৷ পুনৰায় বিহালীৰ ব্ৰহ্মপুত্ৰৰ ঘাটত এগৰাকী ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ হৈছে ৷ এয়া নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা আন কাৰোবাৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

বিশ্বনাথ, 13 ছেপ্তেম্বৰ : বিশ্বনাথ জিলাৰ বিহালীৰ ৰাংচালীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত উদ্ধাৰ এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ ৷ নদীৰ পাৰত এটা বেগত থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে এই নথি-পত্ৰ ।

Identity card with important documents recovered
বিহালীৰ ব্ৰহ্মপুত্ৰ পাৰত উদ্ধাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসহ পৰিচয় পত্ৰ

বেগটোৰ ভিতৰত আছে লক্ষীমপুৰ জিলাৰ ঢকু‍ৱাখানাৰ মদন পেগু ন‍ামৰ লোকজনৰ AS 07 R8009 নম্বৰৰ মাৰুতী গাড়ীৰ ৰেজিষ্টেচন কাৰ্ড, বেংকৰ চেকবুক, ভোটাৰ কাৰ্ড, প‌ানকাৰ্ড, বিভিন্ন বেংকৰ এটিএম কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু কেইখনমান নথি পত্ৰ । আনহাতে, এই বেগটোৰ ভিতৰত ছামেদ আলী নামৰ আন এজন লোকৰ নামত থকা AS 06 V 2198 নম্বৰৰ এখন এনফিল্ড বাইকৰ ৰেজিষ্টেচন কাৰ্ডো উদ্ধাৰ কৰা হৈছে ৷ ৰাংছালী অঞ্চলৰ কেইজনমান মাছমৰীয়াই দেওবাৰে বেগটো প্ৰত্যক্ষ কৰি সামগ্ৰীখিনি উদ্ধাৰ কৰে ৷

Identity card with important documents recovered
বিহালীৰ ব্ৰহ্মপুত্ৰ পাৰত উদ্ধাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসহ পৰিচয় পত্ৰ

সম্প্ৰতি মাছমৰীয়াকেইজনে এই গুৰুত্বপূৰ্ণ নথিসমূহ নিজৰ জিম্মাতে ৰাখি থৈছে ৷ সোমবাৰে পু‌ৱা তেওঁলোকে সকলোবোৰ নথিপত্ৰ বিহালী থানাত বেগসহ চমজাই দিয়াৰ সিদ্ধান্ত লৈছে ৷ গাঁৱখনৰ গাঁওৰক্ষী বাহিনীৰ সদস্য উদয় দাসে জানিবলৈ দিয়ে এই কথা । মাছমৰীয়াকেইজনে এই সামগ্ৰীসমূহ মাজুলীৰ নিমাতীঘাটত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ যাত্ৰীৰে হ’ব বুলি সন্দেহ কৰিছে ।

লগতে পঢ়ক : ফেৰীৰ ইঞ্জিন সলনি কৰাৰ খৰচ বহন কৰিব চৰকাৰে : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.