বিশ্বনাথত উপস্থিত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা

author img

By

Published : Sep 8, 2021, 8:21 PM IST

guardian-minister-pijush-hazarika-visite-biswanath-district

বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়ববীয়া সকলৰ পৰা জিলা খনত চলি থকা বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান লয় ৷ লগতে সাধাৰণ ৰাইজৰ যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কামবোৰ নিকা, স্বচ্ছভাৱে আৰু দ্ৰুতগতিত সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে চৰকাৰী বিষয়ববীয়া সকলক ৷

বিশ্বনাথ, 8 ছেপ্তেম্বৰ : বুধবাৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা । পুৱা ১০ বজাত জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকী ৷ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়ববীয়া সকলৰ পৰা জিলা খনত চলি থকা বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান লয় ৷ লগতে সাধাৰণ ৰাইজৰ যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কামবোৰ নিকা, স্বচ্ছভাৱে আৰু দ্ৰুতগতিত সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে চৰকাৰী বিষয়ববীয়া সকলক ৷

guardian-minister-pijush-hazarika-visite-biswanath-district
বিশ্বনাথত উপস্থিত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা

লগতে পঢ়কঃ কালিকা লগা বুধবাৰ; নিমাতীঘাটত লুইতৰ বুকুত হেৰাল বহুতৰ জীৱন

আনহাতে, এই বিশেষ সভাখনতে সিদ্ধান্ত গ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই জিলাখনত পুষ্টি হীনতাত ভোগা ৫০ গৰাকী শিশু বাছি উলিয়াই তেওঁলোকক চিকিৎসা প্ৰদান কৰাৰ লগতে পুষ্টিকৰ খাদ্য যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সদৰি কৰে ৷

বিশ্বনাথত উপস্থিত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা

উক্ত অনুষ্ঠানত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকে ধৰি আৰু অন্যান্য বিষয়া সকল উপস্থিত থাকে ৷ ইপিনে আলোচনাৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰে বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই ৷

লগতে পঢ়কঃ কৃষি বিভাগে যোগান ধৰা কঠীয়া ৰুই বিপদত পৰিছে কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.