Fake Gold Smuggler Detained : বিহালী আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী

author img

By

Published : May 25, 2023, 2:19 PM IST

Fake Gold Smuggler Detained

বিহালী আৰক্ষীৰ জালত এটা নকল সোণ ব্যৱসায়ী (fake gold smuggler detained at bihali) । জব্দ নকল সোণৰ নাওসহ নগদ ধন ।

বিশ্বনাথ, ২৫ মে' : নকল সোণ ব্যসায়ীৰ বিৰুদ্ধে সক্ৰিয় হৈছে অসম আৰক্ষী (fake gold smuggling in Assam) । নকল সোণৰ বেহা কেন্দ্ৰিক এটা ঘটনাই সমগ্ৰ ৰাজ্য কঁপোৱাৰ লগতে আৰক্ষীৰ ভিতৰচ'ৰাকো বাৰুকৈয়ে জোকাৰি গৈছে । যাৰ বাবে এতিয়া অপৰাধৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী (fake gold racket in Assam) । নগাঁও জিলাৰ মৰিকলং টাউন আৰক্ষীচকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে ৰাজ্যৰ চৌপাশে এতিয়া অপৰাধৰ বিৰুদ্ধে আৰক্ষীয়ে বিশেষ অভিযান চলোৱা দেখা গৈছে (Junmoni Rabha death case) । নকল সোণ, নকল টকা অথবা ড্ৰাগছ- সকলো আইনবিৰোধী কাৰ্যকলাপৰ বাবে যেন এতিয়া আগতকৈ অধিক সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী । ৰাজ্যজুৰি আন আন অপৰাধৰ লগতে বিশেষভাবে নকল সোণৰ বিৰুদ্ধে চলা ব্যাপক অভিযানত আৰক্ষীৰ জালত পৰিছে এটাৰ পাছত আন এটা কুখ্যাত অপৰাধী লগতে নকল সোণৰ ব্যৱসায়ী । ইফালে নকল সোণৰ ঘাটি বুলি চিনাক্ত হৈছে উত্তৰ অসমৰ লখিমপুৰ জিলা বঙালমৰা । জিলাখনৰ নতুন আৰক্ষী অধীক্ষৰ দায়িত্বত IPS বিষয়া আনন্দ মিশ্ৰক (IPS Ananda Mishra) নিয়োগ কৰাৰ পিছতেই যেন ভয়ত কঁপি উঠিছে নকল সোণ আৰু নকল টকা বনোৱাৰ সৈতে জড়িত ব্যৱসায়ীসকল । যাৰ বাবে লখিমপুৰত এটাৰ পিছত আন এটা নকল সোণৰ কুখ্যাত ব্যৱসায়ীয়ে আত্মসমৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে । ইফালে লখিমপুৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোগদান কৰিয়েই নকল সোণৰ ওপৰত ৰাইজৰ মাজত গৈ সজাগতা সৃষ্টি কৰা লগতে প্ৰতিদিনেই নিশাৰ ভাগত লখিমপুৰৰ বিভিন্ন স্থানৰ লগতে বঙালমৰাতো তীব্ৰ অভিযান চলোৱাৰ লগতে নকল সোণৰ ব্যৱসায়ীসকলক অন্তিম সকীয়নি প্ৰদান কৰে । এই সকীয়নিৰ পিছতে এতিয়া ইজনৰ পিছত সিজন নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িত অপৰাধীয়ে আৰক্ষীচকীসমূহত আত্মসমৰ্পণ কৰা দেখা গৈছে । আনহাতে, কেৱল যে লখিমপুৰতে আৰক্ষী কঠোৰ হৈছে তেনে নহয় । বৰ্তমান বিশ্বনাথ জিলা আৰক্ষীও নকল সোণ ব্যৱসায়ীৰ বিৰুদ্ধে অধীক কঠোৰ হোৱা পৰিলক্ষিত হৈছে । বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিঙে জিলাখনৰ জনসাধাৰণৰ বাবে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ নিয়ন্ত্ৰণ কক্ষত ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা ৰাইজে যিকোনো অপৰাধজনিত বিষয়ৰ ওপৰত অৱগত কৰিব পৰাকৈ দুটা নম্বৰ মুকলি কৰিছে । তাৰে এটা ফোন নম্বৰ হৈছে 6026900206 আৰু আনটো WhatsApp নম্বৰ হৈছে 8135837614 । ইয়াৰ পিছতে জিলাখনৰ আৰক্ষীচকী আৰু থানাসমূহ নকল সোণ ব্যৱসায়ীসকলৰ বিৰুদ্ধে এতিয়া অধিক সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে । জিলাখনৰ আন আন আৰক্ষী থানাৰ লগতে অধিক কঠোৰ হৈছে বিহালী আৰক্ষীও । বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভোছিং বে'ৰ নেতৃত্বত বৃহস্পতিবাৰে পুৱতি নিশা বিহালী সমষ্টিৰ বৰাজুলী নেপালী গাঁৱত অভিযান চলাই দ্বিজেন দাস (৪৮) নামৰ এজন নকল সোণ ব্যৱসায়ীক আটক কৰাৰ লগতে এখন নকল সোণৰ নাওসহ নগদ ৫ হাজাৰ টকা বিহালী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় (fake gold smuggler detained at bihali) । আৰক্ষীয়ে অধিক তথ্যৰ বাবে নকল সোণ ব্যৱসায়ী দ্বিজেন দাসক সোধাপোছ অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.