Dumpers terror on roads in Behali: বিহালীত ডাম্পাৰ-ট্ৰেক্টৰৰ দৌৰাত্মৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jan 24, 2023, 8:17 PM IST

Dumpers terror on roads in Bihali

বিহালীত ট্ৰেক্টৰ চালকৰ দৌৰাত্ম (Dumpers terror on roads in Behali) ৷ ট্ৰেক্টৰ-ডাম্পাৰ চালকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ ৷ অঞ্চলটোত একাংশ সহজ সৰল কৃষকক ধনৰ লোভ দেখুৱাই কৃষিভূমিত অবৈধভাৱে ডাম্পাৰ, ট্ৰেক্টৰেৰে দিনে-ৰাতিয়ে মাটি কঢ়িয়াই সৃষ্টি কৰিছে ত্ৰাসৰ ৷

ট্ৰেক্টৰ ডাম্পাৰ চালকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ

বিহালী, ২৩ জানুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ডাম্পাৰ-ট্ৰেক্টৰৰ দৌৰাত্ম । অতিৰিক্ত বোজা লৈ একাংশ ডাম্পাৰ, ট্ৰেক্টৰ চালকে চলোৱা দৌৰাত্মক লৈ অতিষ্ঠ হৈ পৰিছে একাংশ যাত্ৰী তথা সাধাৰণ নাগৰিক । বহু সময়ত তীব্ৰবেগী ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰি বহুতকে চিৰদিনলৈ ঘূণীয়া কৰি পেলাইছে । ডাম্পাৰৰ খুন্দাত বহু পথচাৰী আৰু চালকৰ মৃত্যুও হোৱা পৰিলক্ষিত হৈছে বিহালীত (Dumpers terror on roads in Bihali)।

অলপতে বিহালী সমষ্টিৰ বৰগাং বৰঝাৰণি শিল-বালি মহলত চলাচল কৰা এখন তীব্ৰবেগী ডাম্পাৰে খুন্দা মৰাৰ ফলত এজনী কনমাণিয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল । তাৰ পিচতে স্থানীয় ৰাইজ ডাম্পাৰ, টেক্টৰ চালকৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আৰু প্ৰতিবাদ সাব্যস্ত কৰি এসপ্তাহ পৰ্যন্ত ডাম্পাৰ, ট্ৰেক্টৰৰ চলাচল বন্ধ কৰি ৰাখিছিল । অৱশ্যে ইমানৰ পিছতো গা লৰা নাই একাংশ ডাম্পাৰ আৰু ট্ৰেক্টৰ চালকৰ ।

সোমবাৰে বিয়লি বিহালী সমষ্টিৰ চেৰেলীয়া নিজ বিহালী গাওঁ পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ শতাধিক লোক ৰাজপথলৈ ওলাই আহি ট্ৰেক্টৰ, ডাম্পাৰৰ চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু টেক্টৰৰ চলাচল বন্ধ কৰি দিয়ে । ৰাইজৰ অভিযোগ- বিহালী সমষ্টিৰ চেৰেলীয়াত অৱস্থিত নুৰ নামৰ ইটা ভাটাটোৰ মালিকে দীৰ্ঘদিন ধৰি অবৈধভাৱে অঞ্চলটোত একাংশ সহজ-সৰল কৃষকক ধনৰ লোভ দেখুৱাই কৃষি ভূমিত অবৈধভাৱে ডাম্পাৰ, ট্ৰেক্টৰেৰে দিনে ৰাতিয়ে মাটি কঢ়িয়াই সৃষ্টি কৰিছে ত্ৰাসৰ ৷

যাৰ ফলত স্থানীয় ৰাইজে সোমবাৰে অতিষ্ঠ হৈ ৯ খনকৈ মাটি কঢ়িওৱা টেক্টৰ আৰু এখন এক্সেভেটৰ জব্দ কৰি মাটি খন্দা বন্ধ কৰক, মাটি কঢ়িওৱা ট্ৰেক্টৰ, ডাম্পাৰে নষ্ট কৰা পথ শীঘ্ৰে নিৰ্মাণ কৰক, কালৰ্ভাট নিৰ্মাণ কৰক, বৰগাং বন বিভাগ হায় হায় আদি বিভিন্ন শ্ল'গানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে ঘটনাস্থানত বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ নেতৃত্বত এটি আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

আনহাতে স্থানীয় ৰাইজে বৰগাং বন বিভাগক খবৰ দিয়াত বৰগাঙৰ বন বিষয়াৰ নিৰ্দেশত বন পালক দুলাল বৰাৰ নেতৃত্বত এটা বন কৰ্মীৰ দল প্ৰতিবাদস্থলীত উপস্থিত হয় । ইফালে স্থানীয় ৰাইজে মাটিভৰ্তি ট্ৰেক্টৰ আৰু এক্সেভেটৰখন বন বিভাগক চমজাই দিয়ে । বন বিভাগে জব্দ কৰা ট্ৰেক্টৰ কেইখনৰ নম্বৰ AS12BC3610, AS12BC7469,A S12Z6023, AS21C3011, As12 AD 1989 আন কেইবাখনো নম্বৰ নোহোৱা ট্ৰেক্টৰক আৰক্ষী জৰিমনা বিহে ।

লগতে পঢ়ক : Republic Day celebration in Assam: গণৰাজ্য দিৱসত কোনে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.