গহপুৰত বাহন সহ 4 টা ড্ৰাগছ সৰবৰাহকাৰীক আটক

author img

By

Published : Oct 15, 2021, 5:40 PM IST

drugs paddler arrested in gohpur

গহপুৰত চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে হাতে-লোটে কৰায়ত্ব কৰে ৷ ইয়াৰ পাচতে গহপুৰৰ ঘাঁহিগাঁও আৰক্ষীক ৰাইজে খবৰ দিয়ে আৰু আটাইকেইজন ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে আৰক্ষীক গতাই দিয়ে ৷

বিশ্বনাথ, ১৫ অক্টোবৰ : গহপুৰত চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে হাতে-লোটে কৰায়ত্ব কৰে ৷ ইয়াৰ পাচতে গহপুৰৰ ঘাঁহিগাঁও আৰক্ষীক ৰাইজে খবৰ দিয়ে আৰু আটাইকেইজন ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে আৰক্ষীক গতাই দিয়ে ৷

গহপুৰত বাহন সহ 4 টা ড্ৰাগছ সৰবৰাহকাৰীক আটক

স্থানীয় লোক সদৰী কৰা মতে, ড্ৰাগছ আদান-প্ৰদান কৰি থকাৰ সময়তে যুৱক কেইজনক আটক কৰে ৰাইজে ৷ ইয়াৰ লগতে AR-01F-7076 নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে ৷ গহপুৰৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ইটাপাৰাৰ পৰা আটক কৰা হয় যুৱক কেইজনক ৷

যুৱক কেইজনৰ নাম ক্ৰমে, জিচকেল তানা, তাদ বাটে, বিনয় কৰ্মকাৰ আৰু ভোলা মিশ্ৰ ৷ জিচকেল তানা আৰু তাদ বাটে নামৰ যুৱক দুজন অৰুণাচল প্ৰদেশৰ বুলি জানিবলৈ দিয়ে ৰাইজে ৷ ঘাঁহিগাঁও আৰক্ষীয়ে চাৰিজনকে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, ভোলা মিশ্ৰয়ে অৰুণাচলৰ বান্দৰদেৱাৰ পৰা প্ৰায়ে ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে ৷ ইফালে, জিচকেল তানা অৰুণাচলৰ আৰক্ষী বিভাগৰ 4th IRBN ৰ জোৱান বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : সামাজিক মাধ্যমৰ জৰিয়তে সদস্য ভৰ্তিৰ বাবে চেষ্টা চলাইছে আলফাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.