বিশ্বনাথত উদ্ধাৰ প্ৰয়াত ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বেগ

author img

By

Published : Sep 15, 2021, 6:06 PM IST

Dr bikramjit Baruah bag found at Biswanath

মঙলবাৰে উদ্ধাৰ হৈছিল নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ । ইয়াৰ পাছতে বিশ্বনাথৰ ভাচা তাপুত উদ্ধাৰ হ'ল তেওঁ লগত নিয়া বেগটো । মঙলবাৰে শেষকৃত্য সম্পন্ন কৰা হয় চিকিৎসকগৰাকীৰ ।

বিশ্বনাথ, ১৫ ছেপ্টেম্বৰ : নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাই যোৱা ৮ ছেপ্টেম্বৰৰ পৰাই ৰাজ্যবাসীক শোকবিহ্বল কৰি তুলিছে । লুইতৰ বুকুত যিমানেই উদ্ধাৰ অভিযান চলিছে, সিমানেই দুখজনক খবৰ আশংকাত সকলোৰে বুকু কঁপি উঠিছে । এনে এক পৰিৱেশৰ মাজতে মঙলবাৰে নিমাতীঘাটৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত উদ্ধাৰ হয় ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ । ইয়াৰ পাছতে একেটা দিনতে বিশ্বনাথৰ ভাচা তাপুত উদ্ধাৰ হ'ল তেওঁ লগত নিয়া বেগটো ।

বিশ্বনাথত উদ্ধাৰ প্ৰয়াত ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বেগ

মঙলবাৰে দিনৰ ভাগত বিশ্বনাথৰ মুনাফ আলী নামৰ এজন লোক আৰু তেখেতৰ পত্নীয়ে নদীৰ পাৰৰ পৰা খৰি আনিবলৈ যাওতে বেগটো প্ৰত্যক্ষ কৰে । মুনাফ আলীয়ে বেগটো উদ্ধাৰ কৰি স্থানীয় ৰাইজৰ সহযোগত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ লগতে বিশ্বনাথ ঘাট নদী আৰক্ষী বাহিনীক খবৰ দিয়ে । তাৰ পিছত নদীৰ আৰক্ষী উপস্থিত হৈ বেগটো নিৰীক্ষণ কৰে । নদী আৰক্ষীয়ে বেগটোৰ পৰা পান কাৰ্ড, তিনিখন এটিএম কাৰ্ড, গাড়ী চলোৱা পৰিচয় পত্ৰকে ধৰি বহু গুৰুত্বপূৰ্ণ নথি উদ্ধাৰ কৰে ।

উক্ত নথি-পত্ৰসমূহৰ ওপৰত ভিত্তি কৰি বেগটো বিক্ৰমজিৎ বৰুৱাৰ বুলি আৰক্ষীয়ে নিশ্চিত কৰে । উল্লেখ্য যে, যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ সময়ৰে পৰা সন্ধানহীন হৈ আছিল ডাঃ বিক্ৰমজিৎ বৰুৱা ।

অৱশেষত মঙলবাৰে তেওঁৰ মৃতদেহ মাজুলীৰ দক্ষিণ আহত গুৰিৰ ভেকেলিচাপৰিত উদ্ধাৰ হয় আৰু বেগটো বিশ্বনাথৰ ভাচা তাপুত উদ্ধাৰ হয় । বৰুৱা মাজুলীৰ গড়মুৰ অসমাৰিক চিকিৎসালয়ৰ চিকিৎসক আছিল । উল্লেখ্য যে, যোৱা ১১ ছেপ্টেম্বৰত বিশ্বনাথত উদ্ধাৰ হৈছিল ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ ।

ফেৰী দুৰ্ঘটনা সংঘটিত হোৱাৰে পৰা তেওঁ নিৰুদ্দিষ্ট হৈ আছিল । এই ভয়াৱহ ফেৰী দুৰ্ঘটনাত ডাঃ বিক্ৰমজিৎ বৰুৱা, ইন্দ্ৰেশ্বৰ বৰাৰ লগতে পৰীমিতা দাস নামৰ এগৰাকী যুৱতীৰো মৃত্যু হৈছে । আনহাতে, বহু লোক গুৰুতৰভাৱে আহত হৈছে ।

লগতে পঢ়ক:চিৰাঙত বজ্ৰপাতত তিনিগৰাকী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.