মটৰ শ্ৰমিকৰ কল্যাণকামী আঁচনিৰ সফল ৰূপায়নৰ দাবী

author img

By

Published : Sep 2, 2021, 2:57 PM IST

demand-for-successful-implementation-of-welfare-scheme-of-motor-workers

কৰ’ণা মহামাৰীৰ বাবে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ থকাত তীব্ৰ সমস্য়াৰ সন্মুখীন হৈছে পৰিবহণ বিভাগৰ মালিক-কৰ্মচাৰী ৷ নৈশ বাছসমূহৰ চালক-হেণ্ডিমেন সকলৰ বাবে চৰকাৰে এককালীন সাহাৰ্যৰ কথা ঘোষণা কৰিও আজি পৰ্যন্ত প্ৰদান নকৰাত সৰৱ হৈ পৰিছে পূৱ ভৰলী মটৰ শ্ৰমিক সন্থা ৷

বিশ্বনাথ, 2 ছেপ্টেম্বৰ : শ্ৰমিকৰ কল্যাণকামী আইন প্ৰযোজ্য কৰি শ্ৰমিকসকলৰ দুখ-দুৰ্গতিৰ পৰা পৰিত্ৰাণ দিবলৈ চৰকাৰক আহ্বান জনাইছে পূৱ ভৰলী মটৰ শ্ৰমিক সন্থাই ৷ বিশ্বনাথস্থিত পূৱ ভৰলী মটৰ শ্ৰমিক সন্থাৰ কাৰ্যালয়ত মঙলবাৰে এখন সংবাদমেলৰ আয়োজন কৰি এই কথা ব্যক্ত কৰে সংগঠনটোৱে ।

সংগঠনটোয়ে সংবাদমেলত ডিমা হাচাও জিলাত 26 আগষ্টত 5 জনকৈ নিৰিহ ট্ৰাক চালকক নিৰ্মমভাবে হত্যা কৰা ঘটনাত শোক প্ৰকাশ কৰি তেওঁলোকৰ পৰিয়ালক উপযুক্ত ন্যায় দিবলৈ চৰকাৰক আহ্বান জনায় । ইয়াৰ লগতে চৰকাৰে নৈশ বাছসমূহৰ চালক-হেণ্ডিমেনক এককালীন সাহাৰ্যৰ কথা ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত এই প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰাত সংগঠনটোৱে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

তেওঁলোকে লগতে মটৰ শ্ৰমিকৰ কল্যাণকামী আঁচনিৰ সফল ৰূপায়ন কৰি মটৰ শ্ৰমিকসকলৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাৰ দাবী জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷

লগতে পঢ়ক : ভদীয়া বানৰ কৱলত ৰূপহীমুখৰ দুশটা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.