বিশ্বনাথত আটক আফগানিস্তানৰ নাগৰিক

author img

By

Published : Oct 17, 2021, 8:43 PM IST

assam police detain a Suspicious Afghani Citizen

বিশ্বনাথত আটক আফগান নাগৰিক ৷ প্ৰকৃত নথি-পত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাছিল আটক কৰা হৈছে আফগান নাগৰিকজনে ৷

বিশ্বনাথ, ১৭ অক্টোবৰ : হঠাৎ বিশ্বনাথত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশৰ ৷ কিয়নো দেওবাৰে বিশ্বনাথ চাৰিআলিৰ আৰক্ষীৰ জালত পৰিছে আফগানিস্তানৰ এজন নাগৰিক ৷ বৈধ নথি পত্ৰ হাতত নথকাৰ বাবেই বিশ্বনাথ আৰক্ষীয়ে আটক কৰে আফগান নাগৰিকজনক ৷ জানিব পৰা মতে, আটকাধীন আফগান লোকজনৰ নাম হৈছে জেৰিন মহম্মদ লালাক (২১) ।

বিশ্বনাথত গ্ৰেপ্তাৰ আফগানিস্তানৰ নাগৰিক

বিশ্বনাথ পৰা লখিমপুৰ অভিমুখে অহা যাত্ৰীবাহী বাছত যাবলৈ চেষ্টা কৰা সময়তে বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে আটক কৰে লোকজনক । অৱশ্যে যুৱকজনে ম’বাইলৰ জৰিয়তে আৰক্ষীক পাচপ’ৰ্ট আৰু ভিছা দেখুৱাইছিল যদিও প্ৰকৃত নথি-পত্ৰ আৰক্ষীক দেখুৱাবলৈ সক্ষম নোহোৱাত আৰক্ষীয়ে আটক কৰে যুৱক জনক ।

ভাৰত তথা অসমৰ বিভিন্ন ঠাইত কাপোৰৰ ব্যৱসায় কৰি থকা বুলি উল্লেখ কৰিছে আটকাধীন জেৰিন মহম্মদ লালাকে ৷

উল্লেখ্য যে, ৪ ডিচেম্বৰ ২০১৮ চনতে আফগানিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল জেৰিনে ৷ কিন্তু দীৰ্ঘদিন ধৰি বৈধ্য নথি পত্ৰ বা ভিছা নোহোৱাকৈ আৰক্ষীৰ চকুত ধূলি দি কি দৰে অসমত ঘূৰি ফুৰিবলৈ সক্ষম হৈছিল সেয়াহে ডাঙৰ প্ৰশ্ন ? আনহাতে, বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শীঘ্ৰে আটকাধীন আফগানি যুৱক জনক আদালতত হাজিৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰা হ’ব ৷ যাৰ বাবে বিশ্বনাথ আৰক্ষীৰ লগতে আসম আৰক্ষীয়েও আৰম্ভ কৰিছে তৎপৰতা ৷

লগতে পঢ়ক : ডাঃ মুকুল হাজৰিকাক ভাৰতলৈ পঠিয়াবলৈ তৎপৰ হৈছে ইউ কে চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.