বিশ্বনাথত আনন্দৰাম বৰুৱা বঁটা প্ৰদান

author img

By

Published : Feb 28, 2019, 10:38 PM IST

জিলাখনৰ মুঠ ৪২২ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় এই বঁটা

বিশ্বনাথ,২৮ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে বিশ্বনাথত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগ আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় ।

বিশ্বনাথত ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান
বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ, ৰেচম আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই। এই অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে শিক্ষাৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ সা-সুবিধা আৰু আন্তঃগাঁথনি প্ৰদানেৰে ৰাজ্য চৰকাৰখনে উপযুক্ত মানৱ সম্পদ গঢ়াৰ ওপৰত নিৰন্তৰ গুৰুত্ব প্ৰদান কৰি আহিছে। লগতে চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ চৰকাৰখনে লোকসেৱা আয়োগৰ সংস্কাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ফলস্বৰূপেই ছাত্ৰ-ছাত্ৰীৰ হেৰোৱা আস্থা পুনৰ ঘূৰি আহিছে বুলিও মন্তব্য কৰে ।

সভাত স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে ভাষণ দি পণ্ডিত আনন্দৰাম বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ আনন্দৰাম বৰুৱা বঁটা লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনাই এই মহান অসম সন্তানগৰাকীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ জীৱনত আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা, সংস্কৃত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা বিশ্বনাথ জিলাৰ মুঠ ৪২২ গৰাকী কীৰ্তিমানে ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

Slug_A_BISWANATH_ANANDARAM_BORUAH_28F_801_809_VISUAL_SCRPT_SRIMANTA


বিশ্বনাথত ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান

মাধ্যমিক শিক্ষা বিভাগ, অসম আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আজি বিশ্বনাথ জিলাত ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ, ৰেচম আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই। আনন্দৰাম বৰুৱা বঁটাৰ অধীনত জিলাখনৰ ১০ গৰাকী কৃতী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে একোটিকৈ লেপটপ কম্পিউটাৰ আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে আনন্দৰাম বৰুৱাৰ জীৱন আৰু কৃতীৰ ওপৰত আলোকপাত কৰে আৰু এইগৰাকী বিদগ্ধ পণ্ডিতৰ আদৰ্শেৰে অনুপ্ৰাণিত হবলৈ ছাত্ৰ-ছাত্ৰীসকললৈ আহ্বান জনায়। নিজৰ ভাষণত তেওঁ কয় যে শিক্ষাৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ সা-সুবিধা আৰু আন্তঃগাঁথনি প্ৰদানেৰে ৰাজ্য চৰকাৰখনে উপযুক্ত মানৱ সম্পদ গঢ়াৰ ওপৰত নিৰন্তৰ গুৰুত্ব প্ৰদান কৰি আহিছে। স্নাতক পৰ্যায় পৰ্যন্ত ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া পাঠ্যপুথি আৰু দশম শ্ৰেণী পৰ্যন্ত বিনামূলীয়া সমবেশ প্ৰদান, নামভৰ্তি আৰু পৰীক্ষা মাচুল ৰেহাই, শিক্ষানুষ্ঠানসমূহৰ হোষ্টেলৰ আৱাসীসকলৰ বাবে থকা-খোৱাৰ মাচুল ৰেহাই, মেধাৱী ছাত্ৰীলৈ বিনামূলীয়াকৈ বিদ্যুতচালিত স্কুটী প্ৰদান আদিৰ দৰে চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে লোকসেৱা আয়োগৰ সংস্কাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ফলস্বৰূপেই ছাত্ৰ-ছাত্ৰীৰ হেৰোৱা আস্থা ঘূৰি আহিছে আৰু সম্প্ৰতি ৰাজ্যৰ বাহিৰত অধ্যয়ন কৰিবলৈ যোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীয়েও অসমলৈ ঘূৰি আহি লোকসেৱা আয়োগৰ পৰীক্ষাত বহিছে। ২০১৬, ২০১৭ আৰু ২০১৮ বৰ্ষত সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে অসম অসামৰিক সেৱা আৰু আৰক্ষী সেৱালৈ প্ৰকৃত মেধাসম্পন্ন প্ৰাৰ্থী নিৰ্বাচিত হৈছে। অলপতে অনুষ্ঠিত হৈ যোৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাত ৬০ হাজাৰৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে, যি পৰিসংখ্যাই ব্যৱস্থাটোৰ প্ৰতি তেওঁলোকৰ ঘূৰি অহা বিশ্বাসৰ কথাই প্ৰতিফলিত কৰিছে। চাহ বাগিচা এলেকাত শিক্ষাৰ স্তৰ উন্নীতকৰণৰ এক প্ৰয়াস হিচাপে বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ অসম চৰকাৰে এনে এলেকাৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পুৱাৰ জলপান, দুপৰীয়াৰ আহাৰ আৰু বিয়লিৰ লঘু আহাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। 

বৰ্তমানৰ চৰকাৰৰ শাসনকালত  বিহালীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনেৰে বিশ্বনাথ জিলাৰ শিক্ষা জগতত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা হল বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জিলাখনে অতি সোনকালেই এখন বি.এড. কলেজ আৰু ৪০০ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পৰা এখন আৱাসিক আদৰ্শ বিদ্যালয় লাভ কৰিব। বিহালী মহাবিদ্যালয়কে ধৰি বহুতো উচ্চ শিক্ষানুষ্ঠানত বিজ্ঞান আৰু বাণিজ্য শাখা প্ৰৱৰ্তনেৰে চৰকাৰে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিলে বুলিও তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।       
 
সভাত স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে ভাষণ দি পণ্ডিত আনন্দৰাম বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে ব্যাখ্যা কৰে। আনন্দৰাম বৰুৱাৰ নামত ২০০৫ চনৰ পৰা অসম চৰকাৰে প্ৰৱৰ্তন কৰা এই বঁটা লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনাই তেওঁ এই মহান অসম সন্তানগৰাকীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ জীৱনত আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। ছাত্ৰ-ছাত্ৰীসকলে যাতে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত লাভ কৰা লেপটপটোৰ সুপ্ৰয়োগ কৰে, সেয়া সুনিশ্চিত কৰিবৰ বাবে চকু ৰাখিবলৈ তেওঁ অভিভাৱকসকললৈও গোহাৰি জনায়। 

এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই নিজৰ ভাষণত উল্লেখ কৰে যে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত লাভ কৰা লেপটপটোৰ লগতে বটাপ্ৰাপকসকলে দুবছৰৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ দ্ৰুত ইণ্টাৰনেট সেৱাৰ সুবিধাও লাভ কৰিব। ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ পাঠ্যক্ৰমৰ আধাৰত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্য সমলো পি-ডি-এফ তথা ভিডিঅ-গ্ৰাফিক্স ৰূপত এই লেপটপত উপলব্ধ হব। তাৰ উপৰি এই লেপটপত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিসমল আৰু আৰ্হি প্ৰশ্নকাকতো উপলব্ধ কৰা হৈছে বুলি তেওঁ বঁটা প্ৰাপকসকলক অৱগত কৰে।     

বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ আদৰণী ভাষণ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত (শিক্ষা) প্ৰদীপ সূত্ৰধৰে। ভবেন কুমাৰে আঁত ধৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে। সভাত অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ, আৰক্ষী অধীক্ষক ৰাকেশ ৰোচন, অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিন, সমাজকৰ্মী পৰেশ বৰকাকতিৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা শিক্ষক-শিক্ষয়িত্ৰী, কৃতী শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকল উপস্থিত থাকে। 

উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা, সংস্কৃত, পালি প্ৰৱেশিকা আৰু এফ. এম. (উচ্চ মাদ্ৰাছা) পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা বিশ্বনাথ জিলাৰ মুঠ ৪২২ গৰাকী কীৰ্তিমানে ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে দুগৰাকী শিক্ষাৰ্থীক গুৱাহাটীত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানত বঁটা প্ৰদান কৰাৰ বিপৰীতে আজি জিলাখনৰ ৮০ খন বিদ্যালয়ৰ ৪২০ গৰাকী শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰা হয়।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.