বিহালীত ব্ৰহ্মপুত্ৰত উদ্ধাৰ মৃতদেহ

author img

By

Published : Sep 20, 2021, 2:06 PM IST

One dead body recovered

দেওবাৰে বিহালীত ব্ৰহ্মপুত্ৰত উদ্ধাৰ এটি অচিনাক্ত লোকৰ মৃতদেহ ৷ মৃতদেহটোৰ পিন্ধনত আছে এটা হাফপেণ্ট আৰু টি-চাৰ্ট ৷ মৃতদেহটো প্ৰায় ৩০ বছৰীয়া যুৱকৰ বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

বিশ্বনাথ, 20 ছেপ্তেম্বৰ : মহাবাহুৰ বুকুত পুনৰ উদ্ধাৰ হৈছে অচিনাক্ত লোকৰ মৃতদেহ ৷ দেওবাৰে বিয়লি প্ৰায় 5 বজাত বিহালী আৰক্ষী থানা অন্তৰ্গত বিহালীৰ বটিয়ামাৰীত ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছে এটি অচিনাক্ত লোকৰ মৃতদেহ । স্থানীয় ৰাইজে নদীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷

তাৰ পাচতেই বিহালী আৰক্ষী থানাত খবৰ দিয়া হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় বিহালী আৰক্ষী আৰু উদ্ধাৰ কৰে মৃতদেহটো ৷ বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো । মৃতদেহটোৰ পিন্ধনত আছে এটা হাফপেণ্ট আৰু টি-চাৰ্ট ৷ মৃতদেহটো প্ৰায় ৩০ বছৰীয়া যুৱকৰ বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

বিগত 8 ছেপ্তেম্বৰত মহাবাহুৰ বুকুত সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা নৌকা দুৰ্ঘটনা ৷ মাজুলীৰ নিমাতীঘাটৰ উক্ত দুৰ্ঘটনাত বৰ্তমানলৈকে 3 জন নিৰীহ লোকে প্ৰাণ হেৰুৱালে ৷ নিমাতীৰ সেই দুৰ্ঘটনাত প্ৰকৃততে কিমানজন যাত্ৰী নিখোজ হৈছে বা দুৰ্ঘটনাগ্ৰস্ত ফেৰীখনত প্ৰকৃততে কিমান যাত্ৰী আছিল, সেয়া বৰ্তমানেও কোনো বিভাগৰ হাততে নাই সঠিক তথ্য ৷ সেয়ে ৰাইজৰ সন্দেহ বিহালীত উদ্ধাৰ হোৱা মৃতদেহটো নিমাতীৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা কোনো লোকৰ হ’ব পাৰে ৷

আনহাতে, নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছিল নিমাতীঘাটৰ পৰা প্ৰায় ৩০ কিল’মিটাৰ নিলগত । ইয়াৰ পাচতে একেটা দিনতে বিশ্বনাথৰ ভাচা তাপুত উদ্ধাৰ হৈছিল তেওঁ লগত নিয়া বেগটো ৷ সেইদৰে অভিশপ্ত 8 ছেপ্তেম্বৰত মাজুলীৰ নৌকা দুৰ্ঘটনা সংঘটিত হোৱাৰ চাৰিটা দিন পাৰ হোৱাৰ পাচত উদ্ধাৰ হৈছিল ইন্দ্ৰেশ্বৰ বৰাৰ নিথৰ দেহ ৷ উৱলি যোৱা অৱস্থাত বিশ্বনাথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰপাৰত ষষ্ঠ সংযোজনৰ বিশ্বনাথ ঘাটত উদ্ধাৰ হৈছিল ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহটো ৷

লগতে পঢ়ক: 78 সংখ্যক জন্ম বাৰ্ষিকীত ৰাণা দাক সশ্ৰদ্ধ সোঁৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.