আজি পযৰ্ন্ত 750 টা খহনীয়াগ্ৰস্ত পৰিয়ালে নাপালে ক্ষতিপূৰণ

author img

By

Published : Aug 29, 2021, 10:26 PM IST

750-erosion-affected-families-not-compensated-till-today-in-biswanath

বিশ্বনাথ সমষ্টিৰ ন-দুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৭৫০ টা খহনীয়াগ্ৰস্ত পৰিয়ালৰ চৰকাৰী ক্ষতিপূৰণ দাবীত সংবাদ মেল সংখ্যালঘু সংগ্ৰাম পৰিষদ ৷ অতি শীঘ্ৰে খহনীয়াগ্ৰস্ত সকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছে ৷

বিশ্বনাথ, 29 আগষ্ট : বিশ্বনাথ সমষ্টিৰ ন-দুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৭৫০ টা খহনীয়াগ্ৰস্ত পৰিয়ালৰ চৰকাৰী ক্ষতিপূৰণ দাবীত শনিবাৰে এখন সংবাদ মেল আয়োজন কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদ বিশ্বনাথ জিলা সমিতিয়ে । সংবাদ মেলত পৰিষদে বিশ্বনাথ সমষ্টিৰ ন-দুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বান-খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰী ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ বিষয়ৰ প্ৰসংগটো উল্লেখ কৰে ।

বিগত ১৯৯৯ চনৰ পৰা বৰ্তমানলৈকে উক্ত ৰাজহ চক্ৰৰ বিশ্বনাথ সমষ্টিৰ মুঠ ১৭৪৩ বিঘা ১ কঠা ১ লোচা ভূমি নদীৰ বুকুত জাহ যোৱাৰ লগতে ৭৫০ টাকৈ পৰিয়াল খহনীয়াৰ কৱলত পৰিছে । সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নাজিৰ আহমেদে তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত ন-দুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জনোৱা আৱেদনত ৰাজহ চক্ৰ বিষয়াই চৰকাৰী তথ্য অনুযায়ী ৭৫০ টা পৰিয়াল বান-খহনীয়াত সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰিছে ।

লগতে পঢ়কঃ তামুলপুৰ আৰক্ষীৰ জালত বৃহৎ পৰিমানৰ গাঞ্জাসহ এজন

এই ৭৫০ টা পৰিয়ালক এতিয়া লৈকে চৰকাৰীভাৱে কোনো ধৰণৰ ক্ষতিপূৰণ বা পুনৰসংস্থাপন নিদিয়াক লৈ সংগঠনটো সংবাদ মেলত সৰৱ হৈ‌ পৰে । অসম চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰা সত্বেও বিষয়টোত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷ সংগ্ৰাম পৰিষদৰ বিষয়ববীয়া সকলে উল্লেখ কৰে যে, পুনৰ সংস্থাপন দূৰৰে কথা খহনীয়াগ্ৰস্ত লোক সকলক এতিয়া লৈকে চৰকাৰীভাৱে কোনো প্ৰমাণ পত্ৰৰো যোগান ধৰা হোৱা নাই চৰকাৰে ।

৭৫০ টাকৈ গৃহহীন হোৱা এই পৰিয়াল কেইটাৰ খবৰ ল'বলৈ ৰজাঘৰীয়া সকলৰ সময় নাই । অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, আমছু, জমিয়ত, নেমছুকে আদি কৰি বিভিন্ন দল সংগঠনে অসম চৰকাৰক দাবী জনোৱাৰ পিছতো কিয় আজি লৈকে এই বিষয়ে গুৰুত্ব আৰোপ কৰা নহ'ল বুলি সংবাদ মাধ্যমত প্ৰশ্ন উত্থাপন কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ।

অতি শীঘ্ৰেই সংখ্যালঘু সংগ্ৰাম পৰিষদে ভুক্তভোগী ৭৫০ টা পৰিয়ালৰ চৰকাৰী ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ বিষয়টো লৈ উচ্চ ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ কৰে । লগতে বিশ্বনাথৰ‌ বান-খহনীয়া সমস্যা, খহনীয়াগ্ৰস্তৰ প্ৰমাণ পত্ৰ যোগান ধৰা, কাজিৰঙা ষষ্ঠ সংযোজনৰ সঠিক সীমা নিৰ্ধাৰণ আদি কেতবোৰ সমস্যা সন্দৰ্ভত অচিৰেই সংগঠনটোৱে বিশ্বনাথত এক গণ বিক্ষোভৰ কাৰ্যসূচীৰ জৰিয়তে উল্লেখিত সমস্যা সমাধানৰ বাবে চৰকাৰ বিৰোধী প্ৰতিবাদত নামিব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়কঃ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত কেনে আছিল জনজাতীয় লোকসকলৰ অস্ত্ৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.