বিশ্বনাথৰ সাধাৰুৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত ৪ জনক গ্ৰেপ্তাৰ

author img

By

Published : Oct 18, 2021, 10:54 PM IST

4 robber arrested  by biswanath police

বিশ্বনাথৰ সাধাৰুত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ উল্লেখ্য যে, চলিত মাহৰ ১৬ অক্টোবৰৰ নিশা ওঠৰ মাইলৰ পৰা ডিব্ৰুগড় অভিমূখে গৈ থকা কেচাঁ পাচলি সামগ্ৰী কঢ়িয়াই নিয়া AS-12BC-5108 নম্বৰৰ এখন বাহন ডকাইতি কাণ্ড সংঘটিত কৰিছিল এই দলটোৱে ৷

বিশ্বনাথ, ১৮ অক্টোবৰ : বিশ্বনাথ সদৰ আৰক্ষী তৎপৰতাত বিশ্বনাথৰ সাধাৰুত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ উল্লেখ্য যে, চলিত মাহৰ ১৬ অক্টোবৰৰ নিশা ওঠৰ মাইলৰ পৰা ডিব্ৰুগড় অভিমূখে গৈ থকা কেচাঁ পাচলি সামগ্ৰী কঢ়িয়াই নিয়া AS-12BC-5108 নম্বৰৰ এখন বাহন ডকাইতি কাণ্ড সংঘটিত কৰিছিল এই দলটোৱে ৷

ডকাইতৰ দলটোৱে পিষ্টল দেখুৱাই লুটি নিছিল গাড়ীখনৰ চালকৰ পৰা নগদ ধন । জানিব পৰা মতে, বাহনখনৰ চালক শুকুৰ আলি নামৰ লোকজনে হঠাৎ গাড়ীখন বিশ্বনাথৰ সাধাৰুত যান্ত্ৰিক বিজুতী ঘটাত ৰখাবলগীয়া হয় । সেই সময়তে তেজপুৰ অভিমুখৰ পৰা বিশ্বনাথৰ দিশে আহি থকা বগা ৰঙৰ বাহনত চাৰিজন অস্ত্ৰধাৰী যুৱকে আক্ৰমণ কৰে গাড়ী চালক শুকুৰ আলিক ।

লগতে পঢ়ক: অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই

গাড়ী চালক শুকুৰ আলিৰ পকেটত থকা ১৭,৫০০ টকা ডকাইতি কৰি সেই স্থানৰ পৰা দুৰ্বৃত্তৰ দলটো পলায়ন কৰে । আনহাতে গাড়ীৰ চালক শুকুৰ আলিয়ে অভিযোগ কৰা মতে দুৰ্বৃত্তৰ দলটোয়ে লৈ অনা বাহনখনৰ নম্বৰ হৈছে AS-12Y-8883 ৷

ভুক্তভোগী শুকুৰ আলিয়ে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এই ডকাইতি ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীয়ে ডকাইতি ঘটনাৰ সৈতে জড়িত চাৰিজনক আটক কৰে ৷ আটকাধীন লোক কেইজন ক্ৰমে, ঋতুপৰ্ণ ভূঞা (৩৪), কাজল শইকীয়া (২১), কল্পজ্যোতি দাস (২৭), অঞ্জন বৰা (৩২) ৷

লোক কেইজনক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে, দুৰ্বৃত্তৰ দলটোয়ে ব্যৱহাৰ কৰা AS-12Y-8883 নম্বৰৰ বাহনখনো জব্দ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: চৰকাৰৰ বিশেষ ভাষা প্ৰীতিয়েই অশনি সংকেত আনিছে নেকি অসমীয়া ভাষালৈ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.