Mysterious death at Barpeta road : বৰপেটাৰোডত ৰহস্যজনকভাৱে উদ্ধাৰ বনকৰা যুৱতীৰ মৃতদেহ

author img

By

Published : Dec 6, 2022, 12:54 PM IST

Mysterious death at Barpeta road

বৰপেটাৰোডত অঘটন ৷ বৰপেটাৰোডত ৰহস্যজনকভাৱে উদ্ধাৰ বনকৰা যুৱতীৰ মৃতদেহ (Mysterious death at Barpeta road) ৷ মৃত যুৱতীগৰাকীৰ নাম লীলামনি মাদ্ৰী (19) ৷ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

বৰপেটাৰোড, 6 ডিচেম্বৰ : বৰপেটাৰোডৰ মিছন ৰোডৰ ডাউন টাউনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ সোমবাৰে বৰপেটাৰোডত এগৰাকী বনকৰা যুৱতীৰ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে মৃতদেহ (Women mysterious death case at Barpeta road)৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ নিহত বনকৰা যুৱতীগৰাকীৰ নাম লীলামনি মাদ্ৰী ৷ তথ্য অনুসৰি, 19 বছৰীয়া বনকৰা যুৱতীগৰাকী আদিবাসী সম্প্ৰদায়ৰ ৷

ঘটনাৰ বিৱৰণি অনুসৰি, বৰপেটাৰোডৰ তিনি নম্বৰ ৱাৰ্ডৰ মিছন ৰোডৰ ডাউন টাউনৰ বুদ্ধদেৱ ফাদাংগিৰী নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল শিক্ষক বদ্ৰী লুইটেল ৷ এই শিক্ষকগৰাকীৰ ঘৰতে বনকৰা যুৱতী হিচাবে আছিল লীলামনি মাদ্ৰী ৷ সোমবাৰে শিক্ষক বদ্ৰী লুইটেল আৰু তেওঁৰ শিক্ষয়িত্ৰী পত্নী বিদ্যালয়লৈ যোৱাৰ পিছত পৰিত্যক্ত টিনপাতৰ চালি এখনৰ তলত বনকৰা যুৱতীগৰাকীৰ মৃতদেহ অগ্নিদগ্ধ অৱস্থাত প্ৰত্যক্ষ কৰে তেওঁলোকৰ পুত্ৰই (Mysterious death at Barpeta road) ৷

তাৰ পাচতে ভয়ত বিতত হৈ শিক্ষকগৰাকীৰ পুত্ৰই খবৰ দিয়ে পিতৃ-মাতৃক ৷

পৰৱৰ্তী পৰ্য়ায়ত শিক্ষক দম্পতীয়ে ঘটনা সন্দৰ্ভত বৰপেটাৰোড আৰক্ষীক অৱগত কৰে । ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় বৰপেটাৰোড আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঔম প্ৰকাশ তিৱাৰীৰ লগতে আৰক্ষীৰ এটা দল ৷ উক্ত স্থানত আৰক্ষী বিষয়াগৰাকীয়ে বনকৰা যুৱতীগৰাকীৰ কাষতে কেৰাচিন তেলৰ বটল আৰু কিছু খৰি পৰি থকা প্ৰত্যক্ষ কৰে ৷

বৰপেটাৰোডত ৰহস্যজনকভাৱে উদ্ধাৰ বনকৰা যুৱতীৰ মৃতদেহ

লগতে পঢ়ক : Mysterious death Guwahati : ৰহস্যজনকভাৱে বন্ধ কোঠাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

আৰক্ষী বিষয়াগৰাকীয়ে বনকৰা যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকগৰাকীক খবৰ দিয়ে ৷ খবৰ লাভ কৰিয়েই বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ লগতে খবৰ দিয়ে ফ’ৰেনচিকৰ দলকো ৷

সোমবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটীৰ পৰা অহা ফ’ৰেনচিকৰ দলে বনকৰা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা মৃতদেহটোৰ আজি মৰণোত্তৰ পৰীক্ষা কৰা হ’ব ৷ এই কথা সদৰী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ আনহাতে, বনকৰা যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যু সম্পৰ্কত আৰক্ষীয়ে শিক্ষক বদ্ৰী লুইটেল আৰু তেওঁৰ পুত্ৰক সোধ-পোছৰ বাবে আটক কৰিছে ৷

বনকৰা যুৱতীগৰাকীৰ এয়া হত্যা নে আত্মহত্যা সেয়া জানিব পৰা হোৱা নাই ৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ ইপিনে বনকৰা যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলিহে স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ অৱশ্যে এই সকলো আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব ৷

লগতে পঢ়ক : Molestation incident at Doom Dooma: ছাত্ৰী নিবাসৰ নিবাসীক অশ্লীল ইংগিত চকীদাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.