বৰপেটাত নৃশংস ভাৱে 40 জনীয়া দুৰ্বৃত্তই হত্যা কৰিলে দুই ভাতৃক

author img

By

Published : Oct 9, 2021, 5:24 PM IST

Updated : Oct 9, 2021, 5:51 PM IST

বৰপেটাত নৃশংস ভাৱে 40 জনীয়া দুৰ্বৃত্তই হত্যা কৰিলে দুই ভাতৃক

বৰপেটা জিলাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ নিজ ঘৰতে দুই ভাতৃদ্বয়ক নৃশংস ভাৱে হত্যা কৰে 40 জনীয়া এটা দুৰ্বৃত্তৰ দলে ৷

বৰপেটা, 9 অক্টোবৰ: বৰপেটাৰ সদৰ থানাৰ অন্তগৰ্ত গৰেমাৰী গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ জানিব পৰা মতে, ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড ৷ ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে দুই ভাতৃ ক্ৰমে সুৰপান আলী আৰু জলিল আলী ৷

উল্লেখযোগ্য যে, শনিবাৰে পুৱা সুৰপান আলীৰ ঘৰত সংঘটিত হৈছে এই হত্যাকাণ্ডটো ৷ গৰেমাৰী গাঁৱৰ সমীপৱৰ্তী চৰকপাৰ গাঁৱৰ পৰা অহা প্ৰায় 40 জনীয়া দুৰ্বৃত্তৰ এটা দলে সুৰপান আলীৰ ঘৰ সম্পূৰ্ণৰূপে চাৰিওফালৰ পৰা ঘেৰাও কৰি লয় ৷ তাৰ পাছতে দুই ভাতৃৰ ওপৰত দলবদ্ধভাৱে আক্ৰমণ চলায় দলটোৱে ৷ দা, জোং, লাঠী আদি বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ লৈ দলবদ্ধভাৱে আক্ৰমণ কৰাৰ ফলত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই জলিল আলী আৰু সুৰপান আলীয়ে ৷

বৰপেটাত নৃশংস ভাৱে 40 জনীয়া দুৰ্বৃত্তই হত্যা কৰিলে দুই ভাতৃক

ইপিনে ঘটনাটোৰ বিষয়ে জানিব পাৰি লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ উপস্থিত হৈয়ে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ অভিযোগ অনুসৰি চৰকপাৰ গাঁৱৰ হাবেল আলী, জাহিদুল আলী, জালাল, তাজন, মামুদ আলীৰ নেতৃত্বতে এই ঘটনাটো সংঘটিত হৈছে ৷ সম্প্ৰতি ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত এই নৃশংস ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

লগতে পঢ়কঃ দুৰ্গা পূজা উদযাপনৰ বাবে সাজু শ্ৰীশ্ৰীকাক গোঁসানী চাতনি থান

Last Updated :Oct 9, 2021, 5:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.