1 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Sep 22, 2021, 1:00 PM IST

top10 news

1 বজাৰ দহটা শীৰ্ষ বাতৰি

1 বজাৰ দহটা শীৰ্ষ বাতৰি-

25 ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা

25 ছেপ্তেম্বৰৰ পৰা 8 অক্টোৱৰলৈ অনলাইন আৰু অফলাইন উভয় পদ্ধতিৰে অনুষ্ঠিত কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা ৷ ইতিমধ্যে ইয়াৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে এছ অ’ পি ৷

SAARC ৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক বাতিল

নিউয়ৰ্কত অনুষ্ঠিত হ'বলগীয়া ছাউথ এছিয়ান এছ'চিয়েছন ফৰ ৰিজিঅ'নেল কো-অপাৰেচন(South Asian Association for Regional Cooperation)ৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক বাতিল ।

চাৰিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

চাৰিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই ভ্ৰমণকালত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী ৷ লগতে ভাৰতত বিনিয়োগ বৃদ্ধি কৰিবলৈ বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে গোগামুখৰ গেৰুকামুখ পথত সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ৰাজ্যত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা, NCRB ৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য

ৰাজ্যত নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধজনিত ঘটনা দিনে দিনে বৃদ্ধি পাইছে । গুৱাহাটীৰ পাণবজাৰস্থিত মহিলা আৰক্ষী থানাত চলিত বৰ্ষত ২১ ছেপ্টেম্বৰ পৰ্যন্ত ২২৪ টা নাৰী নিৰ্যাতনৰ গোচৰ ৰুজু কৰা হৈছে । NCRB ৰ প্ৰতিবেদনতো প্ৰকাশিত হৈছে উদ্বেগজনক তথ্য ।

একাংশ লোকৰ উচতনিৰ বাবেই বৃদ্ধি পাইছে বন ধ্বংস : ৰঞ্জিত বসুমতাৰী

বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাইছে বন্যহস্তীৰ মৃত্যুৰ সংখ্যা ৷ যাক লৈ চিন্তিত হৈ পৰিছে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ৷ দোষীক উচিত শাস্তি প্ৰদান কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহীগৰাকী ৷

থানালৈ আহি অসুস্থ হৈ পৰিল তৃণমূল কংগ্ৰেছৰ নেতা কুনাল ঘোষ

ত্ৰিপুৰাৰ নিউ কেপিটেল কমপ্লেক্স আৰক্ষী থানাত উপস্থিত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কুনাল ঘোষ । থানাত আহি পোৱাৰ পাছতে হঠাৎ অসুস্থ নেতাগৰাকী । কিহৰ অপৰাধৰ বাবে আৰক্ষীয়ে নেতাগৰাকীক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল ?

অৰ্জুন বিজলানীৰ শিৰত Khatron Ke Khiladi 11 ৰ খিতাপ

অভিনেতা অৰ্জুন বিজলানীৰ শিৰত ষ্টাণ্ট আধাৰিত ৰিয়েলিটি শ্ব' Khatron Ke Khiladi 11 ৰ খিতাপ ৷ দিব্যাংকা ত্ৰিপাঠী(Divyanka Tripathi), শ্বেতা তিৱাৰী(Shweta Tiwari), বৰুণ সুড(Varun Sood), বিশাল আদিত্য সিং(Vishal Aditya Singh) আৰু ৰাহুল বৈদ্য(Rahul Vaidya)ক পৰাস্ত কৰি অৰ্জুনে লাভ কৰিছে এই খিতাপ ৷ 25 আৰু 26 ছেপ্টেম্বৰত Colors TV যোগে সম্প্ৰচাৰিত হ'ব অনুষ্ঠানটোৰ অন্তিম খণ্ড ৷

ধুবুৰী আৰক্ষীৰ জালত লাট মণ্ডলসহ 22 জন দালাল

লাট মণ্ডল(Laat Mandal), চিকিৎসকসহ 22 জন মাটিৰ দালাল(Land Broker)ক আটক ধুবুৰী আৰক্ষী(Dhubri Police)ৰ ৷ ইয়াৰ ভিতৰত 6 জনক মুকলি কৰি দিয়াৰ বিপৰীতে বাকী কেইজনক ইতিমধ্যে ন্যায়িক জিম্মাত ৰখা বুলি জানিব পৰা গৈছে ৷

মুম্বাই বিমানবন্দৰত জব্দ ২৫ কোটি টকাৰ হেৰ'ইন

২৫ কোটি টকাৰ হেৰ'ইন কঢ়িয়াই অনা দুগৰাকী বিদেশী মহিলা আটক ৷ মহিলা দুগৰাকীক আৰক্ষীয়ে আটক কৰে মুম্বাই বিমানবন্দৰত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.