5 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 25, 2021, 5:03 PM IST

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি...

গৰুখুটিৰ উচ্ছেদৰ সন্দৰ্ভত প্ৰবীণ সাংবাদিক কনকসেন ডেকাৰ প্ৰতিক্ৰিয়া

প্ৰবীণ সাংবাদিক কনকসেন ডেকাই গৰুখুটি উচ্ছেদৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ই টিভি ভাৰতক কয়, প্ৰথমে চৰকাৰে স্পষ্ট কৰা উচিত, উচ্ছেদ কৰা এই লোকসকল প্ৰকৃত ভাৰতীয় নাগৰিক নে বিদেশী নাগৰিক ।


কিদৰে প্ৰেমৰ জালত পেলাই বহিঃ ৰাজ্যত বিক্ৰী কৰা হয় অসমীয়া কিশোৰী ?

শেহতীয়া কেইটামান বছৰত নিখোজ হৈছে ৰাজ্যৰ বহু নাৰী ৷ মানৱ সৰবৰাহকাৰী চক্ৰটোৰ টাৰ্গেতত পৰি এইদৰেই নিখোজ হৈছে বহু যুৱতী, কিশোৰী আনকি বিবাহিত মহিলা । এইদৰেই নিখোজ হৈছিল বিলাসীপাৰাৰ এগৰাকী কিশোৰী ৷ দিল্লীত লৈ গৈ ভণ্ড প্ৰেমিকে কিশোৰী গৰাকীক বিক্ৰী কৰি দিছিল এগৰাকী ৰাজস্থানী লোকৰ হাতত । জানো আহক ইয়াৰ পিছত কি হ’ল যুৱতী গৰাকীৰ ৷

বিদেশৰ বজাৰ দখলৰ লক্ষ্য বৰপেটাৰ এদল থলুৱা উদ্যোগী আৰু কৃষক

বিদেশৰ বজাৰ দখলৰ লক্ষ্য এদল থলুৱা ব্যৱসায়ীৰ ৷ ৰপ্তানি বাণিজ্যৰে উজলিছে বৰপেটা জিলাৰ উদ্যোগী আৰু কৃষকসকল ৷ বৰপেটাৰ নেমুৱে দখল কৰিছে ব্ৰিটেইনৰ বজাৰ ৷

পণ্ডিত দীনদয়াল উপাধ্যায়ক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

দেশজুৰি উদযাপন পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ১০৫ সংখ্যক জন্ম জয়ন্তী । প্ৰাক্তন নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ৰাহুল গান্ধী 'part-time' ৰাজনীতিবিদ : প্ৰহ্লাদ যোশী

ৰাহুল গান্ধীক 'non-serious' আৰু 'part-time' ৰাজনীতিবিদ আখ্যা ৷ মিষ্টাৰ ৫৬ ইঞ্চিয়ে চীনক ভয় কৰে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰাৰ পাচতে গান্ধীক 'non-serious' আৰু 'part-time' ৰাজনীতিবিদ আখ্যা কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ ৷

১৮ বছৰ উৰ্ধৰ লোকেহে জাতিংগা মহোৎসৱত ভাগ ল'ব পাৰিব

২৯ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব জাতিংগা মহোৎসৱ । পিছে ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেইবাটাও নতুন নিয়ম বান্ধি দিছে আয়োজকসকলে । জাতিংগা মহোৎসৱলৈ যোৱাৰ পূৰ্বে জানি লওক নতুন নিয়মসমূহ ।


লখিমপুৰত পৌৰসভাৰ বিৰুদ্ধে বৰেণ্য সাহিত্যিকক অপমান কৰাৰ অভিযোগ

প্ৰথিতযশা সাহিত্যিক নীলকণ্ঠ গোহাঞি বৰুৱাক লখিমপুৰত অপমান কৰাৰ অভিযোগ ৷ পৌৰসভাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ ভাবুকি সচেতন নাগৰিকৰ ।

মাটিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’

মাটি-বাৰীক লৈ কিবা সমস্যা আছে নেকি আপোনাৰ ? আপোনাৰ এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷

মৃদুপৱনৰ ঘৰত আৰক্ষীৰ অভিযান : জব্দ পিষ্টলসহ‌ আপত্তিজনক নথিপত্ৰ

নিজকে গৃহ বিভাগৰ দায়িত্বশীল পদবীধাৰী বুলি দাবী‌ কৰি অহা‌ মৃদুপৱন নেওগ এইবাৰ ৰোষত পৰিছে অসম আৰক্ষীৰ । অসম আৰক্ষীয়ে মৃদুপৱন নেওগৰ কাহিলীপাৰাৰ বাসগৃহত শুকুৰবাৰে‌ ৰাতি‌ চলাইছিল অভিযান ৷ এই অভিযানত জব্দ হয় এটা পিষ্টলৰ লগতে অন্যান্য বহু সামগ্ৰী ৷

চুঙাজানত ব্ৰাউন চুগাৰসহ আটক দুজন

অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শূণ্য সহনশীলতা দেখুৱালেও এতিয়াও সম্পূৰ্ণ অপৰাধ মুক্ত হৈ উঠা নাই ৰাজ্য ৷ এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত গিজগিজাই আছে ড্ৰাগছ মাফিয়া ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.