1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Aug 2, 2022, 1:02 PM IST

TOP 10 AT 1PM

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Al-Qaeda chief Death: আমেৰিকাৰ ড্ৰোণ আক্ৰমণত নিহত অল কায়দাৰ মুৰব্বী আল জৱাহিৰি

শনিবাৰে আমেৰিকাই আফগানিস্তানৰ কাবুলত বিমানৰে চলোৱা আক্ৰমণত অল কায়দাৰ নেতা আল জৱাহিৰি নিহত হৈছে (Al Qaida leader Al Zawahri killed) ৷ ২০১১ চনত ওছামা বিন লাডেনৰ মৃত্যুৰ পিছত অল কায়দাৰ নেতৃত্ব লৈছিল জৱাহিৰিয়ে (Al Zawahri killed in Afghanistan by US drone strike) ৷

Judo at CWG: জুডোত ৰূপৰ পদক আজুৰিলে মনিপুৰৰ সুশীলা দেৱীয়ে

বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত (CWG 2022 ) ৰূপৰ পদক অৰ্জন কৰিলে মণিপুৰৰ সুশীলা দেৱীয়ে (Silver medal for India)৷ জুডোৰ মহিলাৰ 48 কিলোগ্ৰামত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয় সুশীলাই (Indian judoka Shushila Devi)৷

Another case of monkeypox in Delhi: দিল্লীত পুনৰ এজন মাঙ্কিপ'ক্সত আক্ৰান্ত

দিল্লীবাসী এগৰাকী নাইজেৰিয়া মূলৰ লোকৰ দেহত ধৰা পৰিছে মাঙ্কিপক্সৰ উপস্থিতি (Second Monkeypox patient in Delhi)৷ ৩৫ বছৰীয়া নাইজেৰিয়ান লোকজনৰ দেহত সোমবাৰে ধৰা পৰিছে মাঙ্কিপ’ক্সৰ উপস্থিতি ।

Judo at CWG: জুডোত ৰূপৰ পদক আজুৰিলে মনিপুৰৰ সুশীলা দেৱীয়ে

বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত (CWG 2022 ) ৰূপৰ পদক অৰ্জন কৰিলে মণিপুৰৰ সুশীলা দেৱীয়ে (Silver medal for India)৷ জুডোৰ মহিলাৰ 48 কিলোগ্ৰামত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয় সুশীলাই (Indian judoka Shushila Devi)৷

Drug seized at Chabua: চাবুৱাত আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান (Anti drugs mission) ৷গোপন সূত্ৰৰ পম খেদি লাহোৱাল আৰক্ষীয়ে অভিযান চলাই এখন দুচকীয়া বাহনত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি থকা অৱস্থাত চাবুৱা জেৰাই গাঁৱৰ দুটা সৰবৰাহকাৰীক খেদি খেদি আটক কৰে (Drugs peddlers Arrested by Lahowal Police) ৷

Ganja Seized in Guwahati: যোৰাবাটত গাঞ্জাসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মহানগৰ আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতে যোৰাবাটৰ 11 মাইলত জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা(Ganja Seized in Guwahati)৷

Erosion of Beki river: বেঁকী নৈৰ বুকুত কলগাছিয়াৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথ জাহ যোৱাৰ সম্ভাৱনা

বেঁকী নৈৰ গৰাখহনীয়াত চপৰা-চপৰে খহিছে কলগাছিয়াৰ কৰাৰকুৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথ । যি কোনো মূহুৰ্ততে ২ নং বিকল্প ৰাজ্যিক ঘাইপথচোৱা বেঁকী নৈৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে (Erosion caused by Beki river) ৷

Manas river erosion : গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত অভয়াপুৰীত নৈপৰীয়া ৰাইজৰ প্ৰতিবাদ

খহনীয়াৰ কৱলত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লতিবাৰী অঞ্চল (Erosion in Bongaigaon)। ঘৰ-বাৰী, কৃষিভূমি জাহ গৈছে মানাহ নৈৰ বুকুত । খহনীয়া প্ৰতিৰোধৰ দাবীত নৈপৰীয়া ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

Naxal killed in Encounter: নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত নক্সাল সদস্যৰ মৃত্যু

ছত্তীশগড়ৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে নক্সালবাদী গোটৰ সংঘৰ্ষ ৷ সংঘৰ্ষত নিহত এজন নক্সালবাদী গোটি সদস্য(Naxal killed in encounter in Chhattisgarh) ৷

AIAWU protest: কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে AIAWU ৰ তীব্ৰ প্ৰতিবাদ

মোদী-শ্বাহৰ কোম্পানীৰাজ আৰু বুলড’জাৰ ৰাজৰ বিৰুদ্ধে দেশজুৰি সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী (AIAWU Protest in India)। অসমৰ নগাঁও জিলাত সন্থাৰ নগাঁও সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মূল্যবৃদ্ধি ৰোধৰ লগতে অসমৰ বিভিন্ন সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী সন্থাৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.