Bhabesh Kalita on Jihadi: মুছলমান যুৱ-সমাজে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি বুলি ভৱাৰ আহ্বান ভৱেশ কলিতাৰ

author img

By

Published : Jul 30, 2022, 1:50 PM IST

Updated : Jul 30, 2022, 2:55 PM IST

Bhabesh Kalita on Jihadi

"যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় তেওঁলোকে জানে ইংৰাজী মাধ্যমত পঢ়িলে কিমান লাভান্বিত হয় ৷ যিসকলে এইধৰণৰ পৰীক্ষাত অৱতীৰ্ণ নহয় তেওঁলোকেহে এইধৰণৰ হুলস্থুল কৰে ৷ পঢ়ি থকাসকলেহে বিজ্ঞান আৰু অংক বিষয়ৰ মহত্ব বুজি পায় ৷ বিজ্ঞান শাখাৰ ছাত্ৰ এজনেহে ইয়াৰ মহত্ব বুজে, কলা শাখাৰ সকলে কেনেকৈ ইয়াৰ মহত্ব বুজিব ৷" কেবিনেটৰ সিদ্ধান্তক বিৰোধিতা কৰাৰ সন্দৰ্ভত এনে মন্তব্য প্ৰকাশ কৰে বিজেপিৰ সভাপতি ভৱেশ কলিতাই (BJP President Bhabesh Kalita on Cabinet decision) ৷

বাইহাটা চাৰিআলি, 30 জুলাই: "জেহাদীক পুলিয়ে-পোখাই উভালি পেলাব লাগে ৷ জেহাদীৰ লগত যিসকল জড়িত আছে, তেওঁলোকক অতি সোনকালেই গ্ৰেপ্তাৰ কৰিব লাগে, এই গোটেই নেটৱৰ্কটো ধৰা পেলাবলৈ সেই অঞ্চলবোৰত এটা তালাচী অভিযান চলাব লাগে ৷ মুছলমান সম্প্ৰদায়ৰ যুৱসমাজে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি বুলি ভাবক ৷ এইখন দেশ নিজৰ দেশ ৷ মুছলমানৰ যুৱসমাজক ধৰ্মীয় শিক্ষাৰে শিক্ষা দি ধৰ্মান্ধ কৰিছে ৷" ৰাজ্যৰ ভিন্ন প্ৰান্তত জেহাদী গ্ৰেপ্তাৰক লৈ এই মন্তব্য প্ৰকাশ কৰে বিজেপিৰ সভাপতি ভৱেশ কলিতাই ( BJP President Bhabesh Kalita on Jihadi) ৷

শেহতীয়াকৈ মৰিগাঁও, বৰপেটা আৰু গুৱাহাটী মহানগৰীৰ পৰা জেহাদী গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ শংকিত হৈছে ৰাজ্যবাসী (Jihadi arrested in Assam) ৷ বৰপেটাত 8 টা জেহাদীৰ লগতে মৰিগাঁৱৰ পৰা এটা জেহাদীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

মুছলমানে যুৱসমাজে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি বুলি ভাবক

ইফালে কেবিনেটে শেহতীয়াকৈ বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজীকৰণক কৰাৰ কথা ঘোষণাৰ পিছতে ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিল (State government education policy)৷ এই সন্দৰ্ভত প্ৰতিবাদ কৰা প্ৰসংগত কলিতাই কয়,"ইয়াত কোনো সন্তুষ্টি অসন্তুষ্টিৰ কথা নাই ৷ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় তেওঁলোকে জানে ইংৰাজী মাধ্যমত পঢ়িলে কিমান লাভান্বিত হয় ৷ যিসকলে এইধৰণৰ পৰীক্ষাত অৱতীৰ্ণ নহয় তেওঁলোকেহে এইধৰণৰ হুলস্থুল কৰে ৷ অভিভাৱকসকলে গম পাই তেওঁলোকৰ ল’ৰা ছোৱালীয়ে কিমান সমস্যাত ভুগে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) এই পদক্ষেপক মই উষ্ম আদৰণি জনায় ৷ কোৱাই কৈ থাকিব, কিন্তু অভিভাৱকসকলে ইয়াক ভাল পাইছে ৷ শৈক্ষিক সমাজে ইয়াক আদৰণি জনাইছে (BJP President Bhabesh Kalita on Cabinet decision)৷"

লগতে তেওঁ কয়, "মাতৃভাষা কেতিয়াও ধ্বংস নহয় ৷ আমি ফ্লুৱেণ্টলী অসমীয়া কব পাৰিব লাগিব ৷ আমাৰ বহুতে অসমীয়াই ভালদৰে কব নোৱাৰে ৷ ব্যাকৰণ পঢ়ক ৷ তাৰপিছত অসমীয়া ভালদৰে শিকি লওক ৷ আমি ভাষাটোক ৰাখিব লাগিব ৷ দুটা বিষয়ক ইংৰাজী মাধ্যম কৰি দিয়াৰ লগে লগে এটা ভাষা কেতিয়াও লাঘৱ হ’ব নোৱাৰে ৷ পঢ়ি থকাসকলেহে বিজ্ঞান আৰু অংক বিষয়ৰ মহত্ব বুজি পায় ৷ বিজ্ঞান শাখাৰ ছাত্ৰ এজনেহে ইয়াৰ মহত্ব বুজে, কলা শাখাৰ সকলে কেনেকৈ ইয়াৰ মহত্ব বুজিব ৷"

লগতে পঢ়ক: Dr Hiren Gohain reaction on education policy: শিক্ষাৰ মাধ্যম সলনি প্ৰসংগত বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

Last Updated :Jul 30, 2022, 2:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.