Illegal sand mining in Kalgasia: মোৱামাৰীত ট্ৰেক্টৰসহ গ্ৰেপ্তাৰ বালি মাফিয়া

author img

By

Published : Nov 24, 2022, 6:21 PM IST

Illegal sand mining in Kalgasia

কলগাছিয়াৰ খাৰবাল্লী আৰু আমগুৰিত বেঁকী নদীত বন বিভাগৰ আশীৰ্বাদতে চলিছে অবৈধ বালি খনন । কেইবাখনো ট্ৰেক্টৰৰে দিনে-নিশাই অবৈধ বালি খনন অব্যাহত ৰখাত ক্ষুব্ধ হৈছে খাৰবাল্লী আৰু আমগুৰি গাঁৱৰ ৰাইজ । ইয়াৰ মাজতেই মোৱামাৰীত আৰক্ষীয়ে কৰায়ত্ব কৰে ট্ৰেক্টৰসহ বালি মাফিয়াক (Sand mafia with tractor Arrested at Kalgasia) ।

জনীয়া, ২৪ নৱেম্বৰ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বালিৰ অবৈধ খনন (Illegal Sand mining in Assam) ৷ বালি খননৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত সঘনাই প্ৰচাৰ হৈ আহিছে যদিও কাণসাৰ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৷ নিৰ্লিপ্ত ভূমিকাত অৱতীৰ্ণ হৈছে আৰক্ষী তথা বন বিভাগ ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে কলগাছিয়াতো বেকী নৈৰ পাৰত চলিছে অবৈধ খনন (Illegal mining on banks of Beki River in Kalgasia)। ফলত বিধ্বংসী ৰূপ লৈছে (Devastating Erosion at Kalgasia)খহনীয়াই ।

মোৱামাৰীত ট্ৰেক্টৰসহ গ্ৰেপ্তাৰ বালি মাফিয়া

উল্লেখ্য় যে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেকী নদীৰ বিধ্বংসী খহনীয়াই কালৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাইজৰ ঘৰ-ভেটি উচন কৰিছে । অসাধু লোকে মেচিন আৰু ট্ৰেক্টৰেৰে খনন চলাই থকাত খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বেকী নদীৰ বিধ্বংসী গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি কলগাছিয়া,বলাইপাথাৰ,খাৰবাল্লী,আমগুৰি আদি গাঁৱলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । বিশেষ কৈ কলগাছিয়াৰ মোৱামাৰীত বেকী নৈৰ পাৰত অবাধ খনন চলাত ৰাইজ শংকিত হৈছে ।

ইয়াৰ মাজতেই কালগাছিয়াৰ মোৱামাৰীত আৰক্ষীয়ে কৰায়ত্ব কৰে ট্ৰেক্টৰসহ বালি মাফিয়াক (Sand mafia with tractor Arrested at Kalgasia)। উল্লেখযোগ্য যে বৰপেটা ৰোড আঞ্চলিক বন বিষয়াৰ অন্তৰ্গত কলগাছিয়াৰ মুৱামাৰী বেকী নৈৰ পাৰত চলি আছে বালি মাফিয়াৰ সন্ত্ৰাস । বিগত এমাহ ধৰি বেকী নৈৰ পাৰত চলাই আছে এইদৰে বালি খনন । বন বিভাগক কেইবাবাৰো অৱগত কৰাৰ পিছত ভ্ৰূক্ষেপ নাই বিভাগৰ বিষয়াৰ । বৃহস্পতিবাৰে অতিষ্ঠ ৰাইজে কলগাছিয়া আৰক্ষীক অৱগত কৰাৰ পিছত উক্ত স্থানত আৰক্ষী উপস্থিত হোৱাত কেইবাখনো ট্ৰেক্টৰ খননস্থলীৰ পৰা পলায়ন কৰে যদিও বালি মাফিয়া ফাৰুকক বালি ভৰ্তি ট্ৰেক্টৰসহ গ্ৰেপ্তাৰ কৰে । ৰাইজে অভিযোগ কৰা মতে, দীর্ঘদিন ধৰি বালি মাফিয়া ফাৰুক আৰু ছলেমানে অবৈধ ভাৱে খনন কাৰ্য চলাই আহিছে ।

এইদৰে দৈনিক ট্ৰেক্টৰেৰে মাটি খনন কৰাৰ ফলত বেকী নৈৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ লোৱাৰ পিছতো বৰপেটাৰোড বন সংমণ্ডলে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই (Allegation against Barpeta Road Forest Division)। ফলত স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে । সেয়ে শীঘ্ৰে মাটি খনন বন্ধ কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ ভূক্তভোগী ৰাইজে চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক:Birinchi Bora as a Lachit Borphukan: নগাঁৱৰ ৰাজপথত হাতত হেংদাং লৈ লাচিত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.