Road accident at Kalgachia: কলগাছিয়াত সংঘটিত পথ দুৰ্ঘটনাত আহত বহুজন

author img

By

Published : Nov 21, 2022, 8:06 AM IST

Road accident in Kalgachia Barpeta

কলগাছিয়াৰ পশ্চিম লাচাংগাত দেওবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি (Road accident at Kalgachia) । দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা কেইবাগৰাকী ব্যক্তিৰ। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিতিত হৈ কৰিলে পৰিস্থিতি নিয়ন্ত্ৰণ ।

জনীয়া,21 নৱেম্বৰ: গুৰু গোসাই নমনা একাংশ চালকৰ বাবে ৰাজ্যত প্ৰতিদিনেই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ বিশেষকৈ নিশা নামি অহাৰ লগে লগে এচাম চালকে সুৰাপান কৰি বাহন চলোৱাৰ বাবেই অধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় ৷ চালকৰ অতপালি আৰু বাহনৰ দৌৰাত্ম নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগৰ লগতে যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও গুৰু গোসাই নমনা একাংশ চালকক আজিও কৰিব পৰা নাই নিয়ন্ত্ৰণ ৷

শেহতীয়াকৈ বৰপেটা জিলাত সংঘটিত বহুকেইটা ভয়াৱহ পথ দুৰ্ঘটনাত বহুকেইগৰাকী লোক নিহত হোৱাৰ লগতে আহত হৈছে অসংখ্য ৷ জিলাখনৰ পৰিবহণ বিভাগ আৰু আৰক্ষীক অলপো কেৰেপ নকৰা একাংশ চালকে নিশা হোৱাৰ লগে লগেই সুৰাপান কৰি বাহন চলাই ৰাজপথত পথাচাৰীক আতংকিত কৰাৰ লগতে পথত সাধাৰণভাৱে চলাচল কৰা আন বাহনৰ ক্ষেত্ৰতো ভাবুকি সৃষ্টি কৰি আহিছে ৷

কলগাছিয়াত সংঘটিত পথ দুৰ্ঘটনাত আহত বহুজন

দেওবাৰে নিশা জিলাখনৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম লাচাংগাত সংঘটিত এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Road accident at Kalgachia) । প্ৰাপ্ত তথ্য অনুসৰি, AS15P 3058 নম্বৰৰ এখন চাৰি চকীয়া বাহনে পথেৰে গৈ থকা অন্য বাহন, পথাচাৰীকে ধৰি বহুজনক এফালৰ পৰা মহতিয়াই লৈ যায় ৷ বাহনখনে প্ৰথমে দেউকুৰাত এজন চাইকেল আৰোহিক খুন্দিয়াই থৈ পুনৰ বিলৰটাৰী বজাৰত এখন ই-ৰিক্সাত সন্মুখৰ পৰা খুন্দিয়াই ৷ পথচোৱাত আতংকৰ সৃষ্টি কৰা বাহনখনক অৱশেষত পশ্চিম লাচাংগাত স্থানীয় ৰাইজে আবদ্ধ কৰাৰ লগতে উত্তেজিত ৰাইজে চালকজনক দিলে লপাথপা ।

ইফালে আঘাতপ্ৰাপ্ত লোককেইজনক আহত অৱস্থাত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, চাৰিচকীয়া বাহনখনৰ চালকজনে মদ্যপান কৰি চলোৱাৰ ফলতে দুর্ঘটনাটো সংঘটিত হ’বলৈ পালে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত কলগাছিয়া আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চালকজনক উদ্ধাৰ কৰি কলগাছিয়া থানালৈ লৈ যায় ।

লগতে পঢ়ক: Vaishali Road Accident: দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত 10 টাকৈ শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.