Rang Ghar national theatre fest : বৰপেটাত আৰম্ভ ৩০ সংখ্যক ৰংঘৰ নাট মহোৎসৱ

author img

By

Published : Dec 2, 2022, 6:23 PM IST

Rangghar national theatre fest

বৰপেটাত বিদেশী নাটক প্ৰদৰ্শনেৰে আৰম্ভ হ’ল ৩০ সংখ্যক ৰংঘৰ নাট মহোৎসৱ (Rangghar national theatre fest began)৷ ৰতন থিয়ামৰ পৰিচালনাত কোৰাছ ৰেপাৰেটৰী থিয়েটাৰে নিবেদন কৰে- চং অৱ দ্য নীম্ফছ্ (SONG OF THE NYMPHS) প্ৰদৰ্শন ৷ অভিভূত নাট্যপ্ৰেমী দৰ্শক ৷

বৰপেটা, ২ ডিচেম্বৰ : অপেছাদাৰী নাটকৰ বিভিন্ন সম্পৰীক্ষাৰ সৈতে বিগত চাৰি দশকৰো অধিক কাল ধৰি নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা ‘‘ৰংঘৰ বৰপেটা’’ৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ‘‘৩০ সংখ্যক ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ’’ (Rangghar national theatre fest began) ৷ এইবেলি লেটিন আমেৰিকাৰ দেশ উৰুগুৱেৰ নাট্যদলৰ উপস্থিতিৰে ক্ৰমাৎ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱলৈ উত্তৰণ ঘটা ৰংঘৰ নাট মহোৎসৱখনি বৃহস্পতিবাৰে মুকলি কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ৷

বৰপেটাত আৰম্ভ ৩০ সংখ্যক ৰংঘৰ নাট মহোৎসৱ

মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, শিক্ষাবিদ ড৹ ৰণজিৎ ডেকা, বৰপেটা জিলাৰ উপায়ুক্ত আয়ুস গৰ্গ, আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু অনিল কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কুলধৰ শইকীয়াই ৷ লগতে তেওঁ বৰপেটাৰ মানুহ নাটকৰ বাবে ফাটেকলৈ যাবলৈ সাজু বুলিও ৰসাল মন্তব্য কৰে ৷

এই অনুষ্ঠানতে অংশ লৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই পৃথিৱীত মুকলি নাট বা Open theater ৰ প্ৰথমে আৰম্ভ কৰিছিল বুলি উল্লেখ কৰে ৷ আনকি চিহ্নযাত্ৰাক পৃথিৱীৰ প্ৰথম মুকলি নাট (Chihna Yatra, World first Open theater) বুলিও তেওঁ অভিহিত কৰে ৷ অসমৰ বৰ্ণাঢ্য আৰু ঐতিহাসিক নাট্য পৰম্পৰাক সমগ্ৰ দেশবাসীৰ আগত তুলি ধৰিবলৈ আৰু চিহ্নযাত্ৰা নাটখনি দিল্লীৰ বিজ্ঞান ভৱনত মঞ্চস্থ কৰাৰ বাবে তেওঁ ৰংঘৰক উদ্যোগ ল’বলৈ আহ্বান জনায় ৷ ইয়াৰ বাবে তেওঁ সকলো প্ৰকাৰৰ সহায়-সহযোগ আগবঢ়াব বুলিও মন্তব্য কৰে ৷

বৰপেটাত আৰম্ভ ৩০ সংখ্যক ৰংঘৰ নাট মহোৎসৱ

ইয়াৰ পূৰ্বে অনিল কুমাৰ দাসে স্মৃতি তৰ্পন কৰাৰ লগতে ড৹ ৰণজিৎ ডেকাই স্মৃতিগ্ৰন্থ ৰংঘৰ উন্মোচন কৰে ৷ নাট মহোৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ সাধক, শিল্পী হৰিদেৱ পাঠকক সম্বৰ্ধনা জনাই আয়োজক সমিতিয়ে ৷ নাটৰ উদ্বোধনী অনুষ্ঠানত শিল্পী কবিন দাসৰ পৰিচালনাত বৰপেটাৰ শিল্পীসকলে ড৹ ভূপেন হাজৰিকাৰ কেবাটাও কালজয়ী গীত পৰিৱেশন কৰে ৷

নাট মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ পিচতে বৰপেটা জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত ৰুচিশীল দৰ্শকৰ সন্মুখত মনিপুৰৰ কোৰাছ ৰেপাৰেট’ৰী থিয়েটাৰ দলটোৱে নিবেদন কৰে ৰতন থিয়ামৰ নাট- চং অৱ দ্য নীম্ফছ্ (SONG OF THE NYMPHS) ৷ ১৯৭৬ চনৰ পৰাই অপেছাদাৰী নাটকৰ জৰিয়তে দেশে বিদেশে নাট পৰিৱেশনেৰে নাট্যক্ষেত্ৰত এক বিশিষ্ঠ আসন ল’বলৈ সক্ষম হোৱা মনিপুৰৰ ৰতন থিয়ামে কিংবদন্তীৰ আধাৰত ৰচনা কৰা নাট ‘‘চং অৱ দ্য নীম্ফছ্’’ সাতগৰাকী অপ্সৰাৰ কাহিনীৰে আৰম্ভ হৈছে ৷

কিংবদন্তী আৰু আধুনিক সমাজক লৈ মঞ্চস্থ কৰা নাটখন উপভোগ কৰি দৰ্শকসকল সন্তুষ্টি প্ৰকাশ কৰে ৷ নাটৰ শেষত পৰিচালক ৰতন থিয়ামৰ লগতে নাটখনৰ অভিনেতা অভিনেত্ৰী আৰু কলা-কুশলীসকলক ৰংঘৰ বৰপেটাই সম্বৰ্ধনা জ্ঞাপন কৰে ৷

তথ্য অনুসৰি, ৪ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া ৰংঘৰ নাট মহোৎসৱত কলকতা, মুম্বাই, গুৱাহাটীৰ লগতে উৰুগুৱেৰ পৰা অহা নাট্য দলেও নাট পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Bhaona staged in Tezpur: তেজপুৰৰ Inspire Academy Senior Secondary School ত মঞ্চস্থ ভাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.