Rang Ghar National Drama Festival: বৰপেটাৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কাণ্ড দেশপাণ্ডে

author img

By

Published : Dec 4, 2022, 5:47 PM IST

Rangghar National Drama Festival in Barpeta

বৰপেটাত ৩০ সংখ্যক ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱত (Rangghar National Drama Festival)মাৰ্কাণ্ড দেশপাণ্ডেৰ 'ছাৰ ছাৰ চৰলা'ই মুহিলে দৰ্শকক ৷ নাটকৰ পিছতে সাংবাদিক আৰু দৰ্শকৰ সৈতে মত বিনিময় কৰি বৰপেটাৰ প্ৰসংশাত পঞ্চমুখ দেশপাণ্ডে ৷

বৰপেটা, ৪ ডিচেম্বৰ: ১ ডিচেম্বৰৰ পৰা বৰপেটাত অনুষ্ঠিত হৈ আছে ৩০ সংখ্যক ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ (30th Rangghar National Drama Festival)৷ শনিবাৰে নিশা বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাৰ্কাণ্ড দেশপাণ্ডেৰ অঞ্চ থিয়েটাৰ গ্ৰুপে মঞ্চস্থ কৰে 'ছাৰ ছাৰ চৰলা' নামৰ বিখ্যাত নাটখন (Rangghar National Drama Festival in Barpeta)৷ বোলছবিৰ লগতে মঞ্চ জগতৰ প্ৰসিদ্ধ অভিনেতা হিচাপে পৰিচিত মাৰ্কাণ্ড দেশপাণ্ডেৰ 'ছাৰ ছাৰ চৰলা'ই (Famous Actor Makarand Deshpande) দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে ৷

Rangghar National Drama Festival: বৰপেটাৰ প্ৰশংসাত পঞ্চমুখ মাকাৰাণ্ড দেশপাণ্ডে

এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা (MP Bhubaneswar Kalita)৷ তেওঁ মাৰ্কাণ্ড দেশপাণ্ডেৰ 'ছাৰ ছাৰ চৰলা' চাই অভিভূত হৈ পৰা বুলি উল্লেখ কৰাৰ লগতে ৰংঘৰৰ হৈ নাটখনৰে জড়িত শিল্পীসকলক সম্বৰ্ধনা জনায় ৷ নাটখনৰ সামৰণিৰ পিছতে জিলা পুথিভঁৰাল বাকৰিৰ মুকলি মঞ্চত সাংবাদিক আৰু দৰ্শকৰ সৈতে মত বিনিময় অনুষ্ঠানত মাকাৰাণ্ড দেশপাণ্ডেৰ সৈতে সহশিল্পীসকলেও অংশ লয় ৷

মত বিনিময় অনুষ্ঠানত অংশ লৈ মাৰ্কাণ্ড দেশপাণ্ডেই বৰপেটাৰ প্ৰসংশাত পঞ্চমুখ হৈ পৰে ৷ বৰপেটালৈ আহি তেঁও অত্যন্ত সুখী বুলি প্ৰকাশ কৰি কয় - মই বৰপেটাক নাজানো কিন্তু বৰপেটীয়াক জানো ৷ বৰপেটাখন বিখ্যাত নহ’ব পাৰে, কিন্তু মোৰ বাবে বৰপেটাখন বহুত ডাঙৰ ৷ বৰপেটাৰ বহল মনৰ মানুহৰ মৰমবোৰ আমি ঘৰলৈ বহন কৰি লৈ যাম ৷

লগতে দেশপাণ্ডেই দৰ্শকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত নিজৰ ৫৬ বছৰীয়া জীৱনকালত খেলুৱৈ হিচাপে জীৱন আৰম্ভ কৰি খেলৰ পৰা অৱসৰ আৰু তাৰপিচত বোলছৱিত অভিনয়, নাটক, পৰিচালনা আৰু লেখা-মেলাৰ সৈতে জৰিত হৈ পৰাৰ সমগ্ৰ জীৱন কাহিনীৰ কথা প্ৰকাশ কৰে ৷ ইয়াৰ মাজতে মনিপুৰৰ প্ৰসিদ্ধ নাট পৰিচালক, নাট্যকাৰ ৰতন থিয়ামক থিয়েটাৰৰ মহৰ্ষি বুলি অভিহিত কৰে দেশপাণ্ডেই ৷

তেওঁৰ সৈতে অহা থিয়েটাৰ গ্ৰুপটোৰ সৈতে জৰিত কলা-কুশলী সকলে বৰপেটাৰ মানুহৰ নাটকৰ প্ৰতি থকা ভালপোৱা, সৰল সমৰ্থন আৰু ৰংঘৰৰ সৈতে জৰিত মানুহবোৰক লৈ কৰা মন্তব্যক লৈ অতি সুখী বুলি মত প্ৰকাশ কৰে ৷ উল্লেখ্য যে এই নাট মহোৎসৱত দেওবাৰে নিশা গুৱাহাটীৰ স্বাধীন থিয়েটাৰ দলে অসমীয়া নাচ 'তোমাৰ নিবিড় মায়াৰে' মঞ্চস্থ কৰিব ৷ ইপিনে ৰংঘৰ নাট মহোৎসৱত এইবেলি প্ৰথমবাৰৰ বাবে বিদেশৰ দলেও অংশ ল’ব ৷ লেটিন আমেৰিকাৰ দেশ উৰুগুৱেৰ পৰা অহা এমাৰেছ থিয়েটাৰ দলে আজি নিশা নিবেদন কৰিব 'ৰিঅ' নামৰ নাটখন ৷

লগতে পঢ়ক: Majuli Connecting Bridge : মাজুলী-লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন ৰণোজ পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.