Prisoner died in jail : মৃত্যুৰ কাৰণ এতিয়াও অস্পষ্ট

author img

By

Published : Dec 2, 2022, 10:47 PM IST

Prisoner died in Barpeta jail

বৰপেটা কাৰাগাৰত মৃত্যু এজন কয়দীৰ (Prisoner died in Barpeta jail)৷ ৭ বছৰ ধৰি কাৰাবন্দী হৈ আছিল কয়দীটো ৷

বৰপেটা ২ ডিচেম্বৰঃ বৰপেটা জিলা কাৰাগাৰত মৃত্যু এজন কয়দীৰ(Prisoner died in Barpeta jail) । মৃত কয়দীটোৰ নাম ওমৰ আলী বুলি জানিব পৰা গৈছে । বৰপেটা জিলাৰ আলোপতি চৰৰ ৰামাপাৰাৰ ওমৰ আলী হত্যাৰ অপৰাধত দোষী সাব্যস্ত হৈ বৰপেটা জিলা কাৰাগাৰত ৭ বছৰ ধৰি কাৰাবন্দী হৈ আছিল কয়দীটো ৷

আজি বৰপেটা জিলা কাৰাগাৰত আকস্মিকভাৱে মৃত্যু হয় ওমৰ আলীৰ ৷ সম্প্ৰতি কয়দীজনৰ মৃতদেহটো বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৰখা হৈছে(Barpeta medical college) ৷অৱশ্যে এতিয়ালৈকে কয়দীটোৰ মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই ।

বৰপেটা আৰক্ষীয়ে কয়দীটোৰ মৃত্যু অস্বাভাৱিক বুলি এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: 1 Lakh Govt Job Assurance : তিনি-চাৰি মাহৰ ভিতৰত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ হ'ব : মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.