Open gambling in Kalgachia : কলগাছিয়াৰ আনন্দ মেলাত চলিছে মুকলি জুৱা !

author img

By

Published : Dec 10, 2022, 10:59 AM IST

Kalgachia

বৰপেটাৰ কলগাছিয়াত চলি আছে আনন্দ মেলা । আনন্দ মেলাৰ নামত মুকলি জুৱা আৰু উদ্দাম নৃত্য চলাৰ অভিযোগ উঠিছে (Open gambling)। আয়োজক কমিটিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আমছু ।

কলগাছিয়া,১০ ডিচেম্বৰ : দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট কঠোৰ হোৱা দেখা গৈছে । মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছৰে পৰা ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আৰক্ষীক নিৰ্দেশ দিছে (Assam CM strict against drugs)। কেৱল এয়াই নহয় জুৱাকে ধৰি সমাজৰ অনৈতিক কাৰ্যকলাপসমূহ বন্ধ কৰাৰ ক্ষেত্ৰতো আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে ।

কিন্তু তাৰ পাছতো ৰাজ্যৰ কোনো কোনো স্থানতে জুৱাৰ দৰে কিছুমান অসামাজিক কাৰ্যকলাপ অব্যাহত আছে । বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া মুকলিকৈ চলি আছে জুৱা । এইবাৰ কলগাছিয়াৰ চান্দমামা বৰভিটাত চলি থকা আনন্দ মেলাত দেখা গৈছে অত্যাধুনিক জুৱা (Gambling in Kalgachia) । ব্যাপক হাৰত চলি আছে কেছিনো সদৃশ জুৱা । উপহাৰ কুপনৰ নামত চলিছে এই বৃহৎ জুৱা । ইফালে, যাদু খেলৰ নামতো চলিছে উদ্দাম নৃত্য ।

কলগাছিয়াৰ আনন্দ মেলাত চলিছে মুকলি জুৱা

লক্ষণীয় বিষয় যে, বৰভিঠা আৰক্ষী চকীৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগত চলি আছে এই ধৰণৰ অসামাজিক কাৰ্যকলাপ (Open gambling in Kalgachia mela)। কিন্তু কাৰ নেতৃত্বত চলিছে এইসমূহ অসামাজিক কাৰ্যকলাপ ? আৰক্ষী মেনেজ হৈছে নেকি ? অঞ্চলটোৰ সচেতন মহলে এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে ।

কিয়নো যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুৱাৰ বিৰুদ্ধে বাৰে বাৰে অসম আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে । তেনে সময়তে একাংশ লোকে মেলাৰ নামত চলাইছে জুৱা আৰু উদ্দাম নৃত্য । একাংশ লোক প্ৰশ্ন কৰিছে আচলতে এইধৰণৰ অসামাজিক কাৰ্যকলাপৰ বাবে কোনে অনুমতি দিছে ?

একাংশ স্থানীয় সংগঠনেও তীব্ৰ ভাষাৰে গৰিহণা দিছে এই কাৰ্যক । আমছুৰ উপ-সভাপতি ইউনুচ আলীয়ে এই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে । যাৰ নেতৃত্বত এই কাৰ্যকলাপ চলিছে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনাইছে আমছুৰ নেতাগৰাকীয়ে । আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে নেতাগৰাকীয়ে । উল্লেখ্য যে বৰপেটা জিলাৰ বহু অঞ্চলত এতিয়াও মুকলিকৈ জুৱা চলি থকাৰ অভিযোগ উঠিছে । এই ক্ষেত্ৰত বৰপেটা আৰক্ষীক কঠোৰ হ'বলৈ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক :Thieves escape from Dhemaji: আৰক্ষী চকুত ধূলি দি পলায়ন কৰা হৰেন পুনৰ পৰিল জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.