বৰপেটাত পুনৰ এজন সন্দেহযুক্ত জেহাদী আটক

author img

By

Published : Aug 2, 2022, 1:37 PM IST

Updated : Aug 2, 2022, 2:23 PM IST

one-suspected-jehadi-detain

13:19 August 02

বৰপেটাত পুনৰ এজন সন্দেহযুক্ত জেহাদী আটক

বৰপেটা, 2 আগষ্ট: ৰাজ্যত জেহাদীৰ ভয়ংকৰ নেটৱৰ্ক ৷ বৰপেটাত পুনৰ এজন সন্দেহযুক্ত জেহাদী আটক কৰা হৈছে (Jihadi detained in Barpeta) ৷ সোমবাৰে নিশা বৰপেটাৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই ছফিকউদ্দিন আহমেদ নামৰ জেহাদীটোক আটক কৰে ৷

কলগাছিয়াৰ ক্ষুদ্ৰকুছি গাঁৱৰ পৰা পলাতক অৱস্থাত আৰক্ষীয়ে আটক কৰে জেহাদীটোক ৷ আটকাধীন ছফিকউদ্দিন আহমেদৰ ঘৰ বৰপেটাৰ গৰৈমাৰী গাঁৱত ৷
ইপিনে গুৱাহাটীৰ পৰা বৰপেটা সদৰ থানাত উপস্থিত হৈছে NIA ৰ এটা দল ৷ বিগত ৫ দিনত বৰপেটাত মুঠ ৯ টা সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে ৷ ধৃত জেহাদীকেইটাক নিৰাপত্তা বাহিনীৰ বিভিন্ন সংস্থাই জেৰা চলাই আছে ৷

লগতে পঢ়ক: New born baby death: নৱজাতকৰ মৃত্যুৰ অভিযোগত বৰপেটাৰোড FRU ত উত্তেজনা

Last Updated :Aug 2, 2022, 2:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.