বৰপেটা ২৬ মে কবি হেম বৰুৱাৰ কালজয়ী কবিতা ‘মমতাৰ চিঠিৰ আধাৰত নিৰ্মিত ‘মমতাৰ চিঠি ছবিখনৰ পোষ্টাৰ মুকলি Mamatar Letter ৷ বৃহস্পতিবাৰে বৰপেটা প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত ছবিখনৰ পোষ্টাৰ মুকলি কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে Poet Hem Barua film Mamatar chithi। নিৰ্মল দাসৰ কাহিনী চিত্ৰনাট্য সংলাপ আৰু পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে ছবিখন Nirmal Das upcoming film Mamatar Letter ৷মমতাৰ চিঠি ছবিখনত মূল চৰিত্ৰত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াৰ লগতে ভাৰ্গৱ কটকী চেতনা দাস আদিয়ে ৷ আনহাতে তৰালী শৰ্মাৰ সংগীতত জুবিন গাৰ্গে কণ্ঠদান কৰিছে ছবিখনৰ গীতসমূহত Mamatar chithi released date ৷ ছবিখন আগন্তুক দুৰ্গা পূজাৰ বতৰত মুক্তি পোৱাৰ সম্ভাৱনা আছে Assamese Film Mamatar chithi ৷ পোষ্টাৰ মুকলি অনুষ্ঠানত বিশিষ্ট সাহিত্যিক কলাগুৰু আৰু শিক্ষাৰত্ন বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস মুখাৰ সভাপতি ভেৰো কুমাৰ শৰ্মা চলচ্চিত্ৰৰ কাৰিকৰী নিৰ্দেশক প্ৰদীপ দৈমাৰী সংগীতজ্ঞ প্ৰদীপ কুমাৰ মিশ্ৰ সমাজকৰ্মী দেবাদীব দাস সমাজকৰ্মী প্ৰতুল দাস তথা ধনজিৎ পাঠক উপস্থিত থাকে Mamatar chithi Poster released ৷ভাষণ প্ৰসংগত পোষ্টাৰ উন্মোচক গুনীন্দ্ৰ নাথ দাসে কয় ‘বৰপেটা সাহিত্য কলাসংস্কৃতিৰ দিশত আগবঢ়া ৷ বৰপেটাৰ পৰা বহু বছৰ পূৰ্বে অপৰাজেয় মানস কন্যা আদি কৰি কেইখনমান চলচ্চিত্ৰ তৈয়াৰ কৰা হৈছিল যদিও বহু বছৰ বিৰতিৰ অন্ততঃ পুনৰ বৰপেটাৰ পৰা নিৰ্মিত নিৰ্মল দাসৰ ছবি ‘মমতাৰ চিঠি অতি সোনকালে ৰাইজে উপভোগ কৰিব পাৰিব ৷উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ‘মমতাৰ চিঠিয়ে ৰাইজৰ হৃদয় জয় কৰিব পাৰে যাতে তাৰেই কামনা কৰে ৷ এই অনুষ্ঠানত মুখাৰ সভাপতি ভেৰো কুমাৰ শৰ্মাই ‘মমতাৰ চিঠি সকলো ক্ষেত্ৰত সফল হোৱাৰ কামনা কৰে ৷ আনহাতে বিজেপি জিলা সভাপতি অনিল কুমাৰ দাসে নিৰ্মল দাসক অতি সাহসী আৰু নাট্য যুজাৰু বুলি উল্লেখ কৰে ৷ তেওঁ এনে চলচ্চিত্ৰ নিৰ্মাণে ছবি নিৰ্মাণৰ বহু দিশ উন্মোচন কৰিব বুলিও আশা প্ৰকাশ কৰে Mamatar chithi Poster ৷লগতে পঢ়ক Miss Global India Sunshine Mega Teen 2023 ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং জগতত উজ্বলিল টীয়কৰ ৰিমজিম