চিকিৎসালয়ত কৰ্মচাৰীৰ তাচৰ আড্ডা

author img

By

Published : Aug 28, 2022, 3:27 PM IST

negligence of emergency department

কি চলে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতালৰ জৰুৰীকালিন বিভাগৰ কেচ কাউণ্টাৰত (Negligence of emergency department) ? ৰোগীৰ লগত কেনে ধৰণৰ ব্যাৱহাৰ কৰে চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগৰ কেচ কাউণ্টাৰৰ কৰ্মচাৰীয়ে ? দৃশ্য দেখিলে চকু কঁপালত উঠিব আপোনাৰো ।

বৰপেটা,২৮ আগষ্ট: বৰপেটা জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ স্বাস্থ্য সেৱাৰ স্থলী হিচাপে পৰিগণিত বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতাল । প্ৰতিদিনেই শ শ ৰোগীৰ আগমন ঘটে চিকিৎসালয়খনলৈ । কিন্তু শেহতীয়া উত্থাপন হোৱা এক অভিযোগে সচেতন মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ(Negligence of emergency department) ।

চিকিৎসালয়ত তাচ খেলৰ আদ্দা

এগৰাকী ৰোগীৰ আত্মীয়ই বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতালৰ জৰুৰীকালীন বিভাগৰ কেচ কাউণ্টাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ । জৰুৰীকালিন বিভাগৰ কেচ কাউণ্টাৰৰ কৰ্মচাৰী ৰোগীক গুৰুত্ব দিয়াৰ বিপৰীতে তাচ খেলত মগ্ন হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ আত্মীয়ই (Emergency department engaged in cards) ।

ঘটনা অনুসৰি দেওবাৰে পুৱা বৰপেটা-হাউলী পথৰ হাজীবাৰীত সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা(Road accident in Barpeta) । দুখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত আহত হৈছিল কেইবাগৰাকী লোক । স্থানীয় ৰাইজৰ তৎপৰতাত আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰিছিল বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতাললৈ ।

পিছে ৰোগীসকলক মেডিকেল কলেজৰ জৰুৰীকালিন বিভাগত ভৰ্তি কৰাৰ বাবে ভিৰ কৰে যদিও জৰুৰীকালীন বিভাগত থকা কৰ্মচাৰীজনে ৰোগীৰ আত্মীয়ক গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে কম্পিউটাৰত তাচ খেলাত ব্যস্ত আছিল বুলি অভিযোগ উঠিছে । ইয়াৰ পিছত এগৰাকী ৰোগীৰ আত্মীয়ই সমগ্ৰ দৃশ্য নিজৰ মোবাইলত আবদ্ধ কৰে ।

মোবাইলত ভিডিঅ' আৱদ্ধ কৰি এই সন্ধৰ্ভত মেডিকেল কলেজখনৰ অধীক্ষকক অভিযোগ দিবলৈ যায় যদিও অধীক্ষকগৰাকী অনুপস্থিত আছিল বুলিও জানিবলৈ দিয়ে ৰোগীৰ আত্মীয় গৰাকীয়ে । পৰৱৰ্তী সময়ত ৰেকৰ্ড কৰা ভিডিঅ' সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে বুলিও জানিবলৈ দিয়ে । জৰুৰীকালিন সেৱাৰ নিচিনা অতিকৈ গুৰুত্বপূৰ্ণ বিভাগত কৰ্তব্যৰ সময়ত তাচ খেলত ব্যস্ত থকা কৰ্মৰত কৰ্মীচাৰীৰ বিৰুদ্ধে বিহীত ব্যাৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰে ৰোগীৰ আত্মীয়ই ।

লগতে পঢ়ক: নগাঁৱত জেহাদীকে ধৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.