Assam Natya Sanmilan: অসম নাট্য সন্মিলনৰ অধিবেশন: 'চফেদ লকিৰ' এ মন মুহিলে অজশ্ৰজনৰ

author img

By

Published : Jan 20, 2023, 6:18 PM IST

Barpeta

বৰপেটাৰোডত অনুষ্ঠিত হৈ আছে অসম নাট্য সন্মিলনৰ অধিবেশন (Assam Natya Sanmilan Barpeta road conference) । এই উপলক্ষে আয়োজিত নাট সমাৰোহত নাট প্ৰদৰ্শন ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, ছিকিমৰ । ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, ছিকিমৰ নাট্যশিল্পীসকলে মঞ্চস্থ কৰা 'চফেদ লকিৰ' নাটখনে দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে ।

অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিবেশন

বৰপেটাৰোড, 20 জানুৱাৰী : অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিবেশনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, ছিকিমে মঞ্চস্থ কৰে নাট ৷ বৰপেটাৰোডৰ লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় বিদ্যালয়, ছিকিমে মঞ্চস্থ কৰা নাটখনিৰ নাম হাছে 'চফেদ লকিৰ' (National Drama School Sikkim performed drama at Barpeta Road) ৷

ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে মঞ্চ উদ্বোধন কৰা নাটখন পৰিচালনা কৰে বিশিষ্ট নাট্যকাৰ বিপিন কুমাৰ সিঙে ৷ চফেদ লকিৰ নাটকখনত ৰাষ্ট্ৰীয় বিদ্যালয়, ছিকিমৰ 25 গৰাকীকৈ নাট্যশিল্পীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰে ভিতৰত অসমৰ তিনিগৰাকী নাট্যশিল্পীও আছে ৷ তাৰে এগৰাকী তেজপুৰৰ, এগৰাকী হাজোৰ আৰু এগৰাকী গুৱাহাটীৰ বুলি জানিব পৰা গৈছে ৷ 'চফেদ লকিৰ’নাটখন মঞ্চস্থ কৰাৰ প্ৰাকমুহূৰ্তত বিশিষ্ট নাট্যকাৰ লিয়াকত আলীয়ে বন্তি প্ৰজ্বলন কৰে ৷

ৰাষ্ট্ৰীয় বিদ্যালয় ছিকিমৰ 'চফেদ লকিৰ’ নাটখন ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত সমাজত ইয়াৰ কি প্ৰভাৱ পৰে তাৰ আধাৰ কৰি নিৰ্মিত হৈছে । এই নাটখন ইয়াৰ পূৰ্বেও আন কেইবাঠাইতো মঞ্চস্থ কৰা হৈছে ৷ অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিবেশনত এই নাটখন মঞ্চস্থ কৰাত উপস্থিত নাট্যপ্ৰেমী দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰাত ৰাষ্ট্ৰীয় বিদ্যালয় ছিকিমৰ 'চফেদ লকিৰ’ নাটখনৰ নাট্যশিল্পীসকলে আত্মসন্তুষ্টি প্ৰকাশ কৰে ৷ ইপিনে সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা সমন্বয় ক্ষেত্ৰত সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ জীৱনৰ আধাৰত নিৰ্মিত নাট 'ইস ইস আস আস' নাটত অভিনয় কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ মনোৱাৰ আলী সোঁৱৰণি মঞ্চত 'মস্তি কি পাঠশালা 1950’ নাটক মঞ্চস্থ কৰা হয় ৷ এই নাটকত পাঠশালা আৰু নলবাৰীৰ নাট্যশিল্পীসকলে অভিনয় কৰে ৷

উল্লেখ্য, অসম নাট্য সন্মিলনৰ 61 সংখ্যক বৰপেটাৰোড অধিবেশনখন পাঁচদিনীয়া কাৰ্যসূচীৰে ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে (61st conference of Assam Natya Sanmilan) ৷ সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণি ক্ষেত্ৰত ব্যাপক উলহ-মালহেৰে আয়োজন কৰা হৈছে অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিবেশনখন (Assam Natya Sanmilan Barpeta road conference) ৷ অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে পতাকা উত্তোলনেৰে এই অধিবেশনৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পাছতে আদৰণী সমিতিৰ সভাপতি পুলক চৌধুৰীকে ধৰি বিভিন্ন প্ৰান্তৰ নাট্যকাৰে 59 খন পতাকা উত্তোলন কৰে । অধিবেশনস্থলীত সৰ্বমুৰ্বঠ 61 খন পতাকা উত্তোলন কৰা হয় । অধিবেশনৰ পতাকা উত্তোলনৰ পাছতেই অনুষ্ঠিত হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ৷

অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে নাট্য সন্মিলন অসমৰ এটি জাতীয় অনুষ্ঠান বুলি উল্লেখ কৰি 1959 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত অসম নাট্য সন্মিলন গঠন হোৱাৰ কথা জানিবলৈ দিয়ে ৷ বৰপেটাৰোডত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে একত্ৰিত হৈ এই নাট্য সন্মিলন শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি তেওঁ বিশ্ব দৰবাৰত এই নাটক প্ৰতিষ্ঠা কৰিবলৈ শক্তিশালীভাৱে অগ্ৰসৰ হ’বলৈ প্ৰচেষ্টা চলাব বুলি কয় ।

উল্লেখ্য যে নাট্য সন্মিলনৰ অধিবেশনস্থলীত দিল্লী, কলকাতা, ছিকিম আৰু অসমৰ শিল্পীৰ দ্বাৰা 17 খনকৈ নাট মঞ্চস্থ কৰা হ’ব ৷ বলিউডৰ বিশিষ্ট পৰিচালক এম কে ৰাইনাক প্ৰদান কৰা হ’ব তৰণী কান্ত ৰয় জীৱনজোৰা সাধনা বঁটা (Lifetime Achievement Award to MK Raina) ৷ একেদৰে বিশিষ্ট নাট্য সংগঠক কৃষ্ণ ৰয়কো জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব এই অনুষ্ঠানতে (Lifetime Achievement Award to Krishna Roy) ৷

লগতে পঢ়ক :Drama festival at Barpeta road: ভিন্নৰসী নাট্য সংলাপেৰে মুখৰিত হ’ব অসম নাট্য সন্মিলনৰ 61 সংখ্যক বৰপেটাৰোড অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.