Suspected Jihadi Surrendered in Barpeta : বৰপেটাত জেহাদীৰে জড়িত এজনৰ আত্মসমৰ্পণ

author img

By

Published : Aug 3, 2022, 3:23 PM IST

Updated : Aug 3, 2022, 10:58 PM IST

Barpeta

জেহাদীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক তৎপৰতাৰ মাজতে বৰপেটাত জেহাদীৰে জড়িত এজনে আত্মসমৰ্পণ কৰে (jihadi in Barpeta surrenders) ৷ বৰপেটা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা জেহাদীটো হৈছে আবু বক্কৰ চিদ্দিক ৷ আত্মসমৰ্পণ কৰা জেহাদীটোৰ ঘৰ বৰপেটাৰ যশিহাটীত ৷

বৰপেটা, ৩ আগষ্ট : ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে জোহাদী বিৰোধী অভিযান (search operation against jihadi by Assam Police) । মৰিগাঁও, গোৱালপাৰা, কৰিমগঞ্জৰ সমান্তৰালভাৱে বৰপেটা জিলাতো চলিছে জেহাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান । ইতিমধ্যে বৰপেটা জিলাত কেইবাটাও জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পিছত বৰপেটাত তীব্ৰ হৈ পৰিছে জেহাদী বিৰোধী অভিযান (Jihadi arrested in Barpeta) ৷

বৰপেটাত জেহাদীৰে জড়িত এজনৰ আত্মসমৰ্পণ

আনহাতে, জেহাদীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক তৎপৰতাৰ মাজতে বৰপেটাত জেহাদীৰে জড়িত এজনে আত্মসমৰ্পণ কৰে (jihadi in Barpeta surrenders) ৷ বৰপেটা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা জেহাদীটো হৈছে আবুবক্কৰ চিদ্দিক ৷ আত্মসমৰ্পণ কৰা জেহাদীটোৰ ঘৰ বৰপেটাৰ যশিহাটীত ৷

উল্লেখ্য, যশিহাটীপাৰাৰ সমীপৰ ঢাকালীয়াপাৰা গাঁৱৰ মাদ্ৰাছা আৰু মছজিদতে বাহৰ পাতি আছিল AQISৰ অসম মডিউলৰ শীৰ্ষ নেতা তথা বাংলাদেশী নাগৰিক মহম্মদ চুমনে ৷ ইপিনে বৰপেটা আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত নিতৌ বৰপেটাৰ বিভিন্ন স্থানত চলাই আছে জেহাদীৰ বিৰুদ্ধে অভিযান ৷ আৰক্ষীৰ তৎপৰতাৰ পিছতে জেহাদীৰ সংস্পৰ্শত থকা একাংশৰ আত্মগোপনৰ সমান্তৰালভাৱে আন একাংশই এতিয়া উৱাদিহ হেৰুৱাই আত্মসমৰ্পণৰ বাবে বাধ্য হৈ পৰিছে ৷

ইপিনে অসম আৰক্ষীৰ বিশেষ শাখাৰ বিষয়াৰ লগতে NIA ৰ দল বৰপেটাত উপস্থিত হৈ ধৃত জেহাদীক জেৰা চলাই আছে (NIA and Assam police interrogated arrested jihadi) ৷ অৱশ্যে ধৃত জেহাদী অথবা আত্মসমৰ্পন কৰা জেহাদীৰ সম্পৰ্কে আৰক্ষীয়ে কোনো কথা সাংবাদিকৰ আগত অৱগত কৰা নাই ৷ উল্লেখ্য যে বৰপেটা আৰক্ষীয়ে ৯ জেহাদীক গ্ৰেপ্তাৰ কৰাৰ (9 JIhadi arrested in Barpeta) বিপৰীতে বৰপেটাৰ গৰেমাৰী গাঁৱৰ ছফিক উদ্দিন আহমেদ নামৰ এজন লোকক আটক কৰি সোধাপোছা চলাই আছে ৷

উল্লেখ্য, ৰাজ্যজুৰি জেহাদীয়ে পেলাইছে ভয়ংকৰ জাল ৷ ইতিমধ্যে ৰাজ্যত একেদিনাই দুই স্থানত জেহাদী গ্ৰেপ্তাৰৰ ঘটনাই চকু কপালত তুলিছে ৰাজ্যবাসীৰ ৷ মৰিগাঁৱৰ পিছতে বৰপেটাত বিগত এটা দিনতে 7 জেহাদীক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে (7 Jihadi arrested in Barpeta) ৷ ইতিমধ্যে ধৃত জেহাদীকেইটা ক্ৰমে মইনুহ হক, আমিদুল ইছলাম, ৰফিকুল ইছলাম, ছাহজাহান আলী, কাজিবুৰ হুছেইন, ছাহানুৰ আৰু জুবেৰ খান ৷

জেহাদীকেইটা বাংলাদেশৰ আনচাৰুলৰ পৰা অহা বুলি জানিবলৈ দিছে বৰপেটা আৰক্ষীয়ে ৷ বৰপেটাৰ জনীয়াৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মইনুল, ৰফিকুল, ছাহজাহান আৰু কাজিবুৰক ৷ আনহাতে বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুবেৰ খান নামৰ জেহাদীটোক ৷ ইফালে মহানগৰীৰ হাতীগাঁৱৰ পৰা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাহানুৰ নামৰ জেহাদীটোক ৷

লগতে পঢ়ক :বৰপেটাত 7 জেহাদীক গ্ৰেপ্তাৰ আৰক্ষীৰ

Last Updated :Aug 3, 2022, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.