Protest at Kalgachia: কলগাছিয়াত পথ মেৰামতিত দুৰ্নীতিৰ অভিযোগত প্ৰতিবাদ

author img

By

Published : Jul 31, 2022, 10:08 PM IST

Protest at Kalgachia

কলগাছিয়াৰ দক্ষিণ কান্দুলিয়াত পথ মেৰামতিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত প্ৰতিবাদ । ৰূপসী উন্নয়ন খণ্ডৰ ৫৮ বৰভিটা গাঁও পঞ্চায়তৰ অন্তৰ্গত কান্দুলীয়াত স্থানীয় ৰাইজৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ (Protest at Kalgachia)৷

কলগাছিয়া, 31 জুলাই: কলগাছিয়াৰ দক্ষিণ কান্দুলিয়াত দুৰ্নীতিৰ বিৰুদ্ধে বৰপেটাৰ সাংসদ আব্দুল খালেক, জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু ৫৮ নং বৰভিঠা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰাবিয়া খাতুনৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ (Protest at Kalgachia)। ৰূপসী উন্নয়ন খণ্ডৰ ৫৮ বৰভিটা গাঁও পঞ্চায়তৰ অন্তৰ্গত কান্দুলীয়াত স্থানীয় ৰাইজৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

কলগাছিয়াত পথ মেৰামতিত দুৰ্নীতিৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত

অঞ্চলটোৰ শতাধিক লোকে ৰাস্তাৰ অৱস্থা অতি শোচনীয় হোৱাৰ বাবে ৰাইজে যমৰ যাতনাত ভুগিবলগা হৈছে । চৰকাৰে চতুৰ্দশ বিত্ত আয়োগৰ আঁচনি আৰু MGNREGA আঁচনিৰ জৰিয়তে তিনিটা পথ মেৰামতিৰ বাবে প্ৰায় ২১ লাখ টকা আৱণ্টন দিছিল যদিও পঞ্চায়তৰ পৰা ৬০ হাজাৰ টকাৰ মাটি পেলাই বাকী আত্মসাৎ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে (Corruption in road repairing at kalgachia)।

ৰাস্তাৰ অৱস্থা অতি শোচনীয় হোৱাৰ বাবে দুই শতাধিক পৰিয়ালৰ লগতে ৰোগী অনা-নিয়া আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অহা যোৱাৰ ক্ষেত্ৰত বহুত হাৰাশাস্তিৰ সন্মুখীন হ'বলগা হৈছে । এইক্ষেত্ৰত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পঞ্চায়ত সভানেত্ৰী ৰাবিয়া খাতুনে চৰকাৰী আঁচনিত ভুৱা চহী কৰি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS Kalgachia protest)৷

বৰভিঠা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰাবিয়া খাতুনৰ বিৰুদ্ধে খণ্ড উন্নয়ন বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাত খণ্ড উন্নয়ন বিষয়াগৰাকীৰ ভূমিকাত সন্দেহ প্ৰকাশ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা জেহেৰুল ইছলামে । যাৰ বাবে আজি স্থানীয় ৰাইজৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটাৰ সাংসদ আব্দুল খালেক, জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু সভানেত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে ।

লগতে পঢ়ক: FIR Against Angurlata Deka: নলবাৰীত আঙুৰলতা ডেকাৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.