Daughter-in-law murder case: অন কেমেৰা হত্যাকাৰীৰ অকপট স্বীকাৰোক্তি

author img

By

Published : Jul 31, 2022, 11:30 AM IST

killer confessed strangulating his Daughter in law murder

হায় মানৱতা! ভাতৃৰ পত্নীক হত্যা কৰি কেমেৰাৰ আগত স্বীকাৰোক্তি মফিদুলৰ ৷ ভাতৃৰ লগত জোৰ জবৰদস্তি বিবাহপাশত বহাৰ অভিযোগ তুলি ডিঙি চেপি হত্যা কৰি ওলোমাই থ’লে ভাই বোৱাৰীয়েকৰ মৃতদেহ (killer confessed strangulating his Daughter in law murder) ৷

জনিয়া, 31 জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী হত্যাৰ ঘটনা (Daughter in law murder case) ৷ ভাই বোৱাৰীয়েকক ডিঙি চেপি হত্যা কৰি কেমেৰাৰ আগত অকপত স্বীকাৰোক্তি হত্যাকাৰী মফিদুল ইছলামৰ (killer confessed strangulating his Daughter in law murder) ৷ কলগাছিয়াৰ দেউলদিত সংঘটিত হৈছে এই নৃশংস ঘটনা (Murder case at Kalgachia) ৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেউলদিত শনিবাৰে বোৱাৰী হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

পশ্চিম দেউলদি গাঁৱৰ হাতেম অলীৰ পুত্ৰ ৰফিকুল ইছলাম একে গাঁৱৰে জেহেৰুল ইছলামৰ কন্যা জেছমিনা খাতুনৰ সৈতে বিগত 5 মাহ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল ৷ ইয়াৰ পিছতে যোৱা 15 দিনৰ পূৰ্বে প্ৰেমিকা জেছমিনা খাতুনক পলুৱাই লৈ আনিছিল ৷ ইয়াৰ পিছতে ঘৰৰ লোকে সামাজিক ৰীতি-নীতি অনুসৰি দুয়োগৰাকীৰে বিবাহ সম্পন্ন কৰায় দিয়ে ৷ কিন্তু বিবাহৰ দুদিনৰ পিছতে ৰফিকুলে ঘৰৰ পৰা পলায়ন কৰে ৷ স্বামী পলায়ন কৰাৰ এদিন পিছতে বোৱাৰীগৰাকী স্বামী গৃহৰ পৰা নিৰুদ্দেশ হয় ৷

ভাই বোৱাৰীয়েকক ডিঙি চেপি হত্যা কৰি কেমেৰাৰ আগত অকপট স্বীকাৰোক্তি

পিছ মুহুৰ্তত ছোৱালীৰ পিতৃ-গৃহৰ লোকে নিজ কন্যাক বিচাৰি নাপায় মইনবৰী আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷ শনিবাৰে ৰাতিপুৱা স্বামী গৃহৰ ওচৰতে থকা এটা ঘৰত ৰহস্যজনকভাৱে চিপ লৈ থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে নিৰুদ্দিষ্ট বোৱাৰীগৰাকীৰ মৃতদেহ ৷

লগে লগে ওচৰৰ লোকে হুলস্থুল কৰি স্থানীয় আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যাললৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত বোৱাৰীগৰাকীৰ পিতৃগৃহৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সন্দেহজনকভাৱে স্বামীৰ পৰিয়ালৰ তিনিজন লোকক আটক কৰে (Police arrested 3 accused) ৷ আটকাধীন লোককেইজন ক্ৰমে স্বামীৰ পিতৃ হাতেম আলী, ভাতৃ মফিদুল ইছলাম আৰু মাতৃ ছোহাগী বেগম ৷

ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধ পোছ কৰাত পোহৰলৈ আহে প্ৰকৃত তথ্য ৷ আৰক্ষীৰ জেৰাত স্বামী ৰফিকুল ইছলামৰ ডাঙৰ ভাতৃ মফিদুল ইছলামে হত্যা কৰিছে বুলি স্বীকাৰোক্তি দিয়ে ৷ নিশা 2 বজাত মফিদুলে বোৱৰীয়েকক শুই থকা অৱস্থাতে ডিঙি চেপি হত্যা কৰে বুলি কেমেৰাৰ সন্মুখত স্বীকাৰ কৰে ৷ এই সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ বোৱাৰীয়েকক ফাঁচি লগাই ওলোমাই থয় মফিদুলে ৷ জেছমিনাই জোৰ জবৰদস্তি ৰফিকুলৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল কাৰণেই এই ঘটনা সংঘটিত কৰে মফিদুলে ৷

লগতে পঢ়ক: Suicide at Nagaon: যৌতুক বিচাৰি কৰা মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি বোৱাৰীৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.