জনীয়াৰ চাৰি যুৱকে সাজি উলিয়ালে জাৱৰ নিষ্কাষণ যন্ত্ৰ

author img

By

Published : Sep 23, 2021, 2:05 PM IST

invent a Garbage Disposal Machine

জনীয়াৰ কৰ্মোদ্যমী চাৰি যুৱকৰ বিশেষ প্ৰচেষ্টা ৷ প্ৰায় তিনি লাখ টকা ব্যয় সাপেক্ষে চাৰি যুৱকে সাজি উলিয়াইছে এক অত্যাধুনিক আৱৰ্জনা নিষ্কাষণ যন্ত্ৰ ৷

জনীয়া,23 ছেপ্তেম্বৰ: প্ৰদূষণ মুক্ত অসম গঢ়াৰ এক সপোন এজন যুৱকৰ ৷ যুৱকজনৰ নাম আয়নাল হক ৷ কেৰালাৰ পৰা প্ৰশিক্ষণ লৈ জনীয়াৰ আয়নাল হক আৰু তেওঁৰ আন তিনি সতীৰ্থই সাজি উলিয়াইছে এটা অত্যাধুনিক যন্ত্ৰ ৷ যি যন্ত্ৰৰ সহায়ত অতি সহজে আৱৰ্জনা নিষ্কাষণ কৰিব পৰা যাব ৷

এই অত্যাধুনিক যন্ত্ৰটো নিৰ্মাণ কৰোতে যুৱক চাৰিজনক সময় লাগিছিল প্ৰায় এমাহ ৷ প্ৰায় তিনি লাখ টকা ব্যয় সাপেক্ষে নিজা প্ৰচেষ্টাৰে সাজি উলিওৱা হৈছে এই অত্যাধুনিক আৱৰ্জনা নিষ্কাষণ যন্ত্ৰটো । কৰ্ম উদ্যমী এই যুৱক কেইজনৰ প্ৰতিভাৰ সকলোৱে শলাগ জনাইছে ৷

জনীয়াৰ চাৰি যুৱকে সাজি উলিয়ালে জাৱৰ নিষ্কাষণ যন্ত্ৰ

যন্ত্ৰটোৰ জৰিয়তে বজাৰ, হাস্পতাল, ৰাজহুৱা স্থানত দ’ম হৈ থকা জাবৰ-জোঁথৰসমূহ অনায়াসে নিষ্কাষণ কৰিব পৰা যাব । এই যন্ত্ৰটোৰ ভিতৰত জাবৰ-জোঁথৰসমূহ ভৰাই দি জুই জ্বলাই দিয়াৰ পাচত এটা নলৰ জৰিয়তে প্ৰায় ৪৫ ফুট ওপৰেদি ধোঁৱা ওলাই যাব ৷ যাৰ ফলত পৰিৱেশ প্ৰদূষণৰ মাত্ৰা কিছু পৰিমাণে হ’লেও ৰোধ হ’ব ৷

আৱৰ্জনা নিষ্কাষণ এই যন্ত্ৰটো নিৰ্মাণৰ বাবে আয়নাল হক সকলোৰে বাবে আদৰ্শ হৈ পৰিছে । ৰাইজ তথা সমাজৰ স্বাৰ্থত মনৰ ইচ্ছা থাকিলে যিকোনো কামেই কৰিব পৰা যায়, ইয়াৰ প্ৰমাণ দেখুৱাবলৈ সক্ষম হৈছে জনীয়াৰ উদ্যমী যুৱককেইজনে ৷ স্থানীয় ৰাইজেও এই কৰ্মোদ্যমী যুৱককেইজনৰ যন্ত্ৰটোক আনুষ্ঠানিকভাৱে মান্যতা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

উল্লেখ্য যে, স্বচ্ছ ভাৰত অভিযানৰ দৰে কোটিটকীয়া আঁচনিৰ পৰিৱৰ্তে আইনালৰ এই আৱৰ্জনা নিষ্কাষণ যন্ত্ৰ ব্যৱহাৰ কৰিলে অধিক লাভদায়ক হ’ব বুলিও একাংশ ব্যক্তিয়ে মন্তব্য প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: স্বচ্ছ গাঁৱৰ খিতাপ লাভ কৰা অসমৰ এখন বিশেষ গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.