Protest against jihadi at Barpeta: বৰপেটাত গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল

author img

By

Published : Aug 6, 2022, 9:53 PM IST

Protest against jihadi at Barpeta

বাংলাদেশৰ পৰা অসমত নিয়ন্ত্ৰিত হৈ থকা ইছলামিক মৌলবাদী জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে অবশেষত ৰাজপথলৈ ওলাই আহিল খিলঞ্জীয়া গৰীয়া সংগঠন ৷ সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বই বৰপেটাৰ ভি আই পি চ'কত জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে শনিবাৰে ৰূপায়ন কৰিলে মানৱ শৃংখল কাৰ্যসূচী (Human chain of the Garia-Maria Desi Parisad in Barpeta)।

বৰপেটা, ৬ আগষ্ট : বাংলাদেশৰ পৰা অসমত নিয়ন্ত্ৰিত হৈ থকা ইছলামিক মৌলবাদী জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে অবশেষত ৰাজপথলৈ ওলাই আহিল খিলঞ্জীয়া গৰীয়া সংগঠন ৷ সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বই বৰপেটাৰ ভি আই পি চ'কত জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে শনিবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ(Garia Maria Desi Parisad protest against Jihadi in Barpeta)৷ মানৱ শৃংখল কাৰ্যসূচীৰে বৰপেটাৰ খিলঞ্জীয়া গৰীয়াসকলে ৰাজ্যত খোপনি পোতা জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

শংকৰ-আজানৰ দেশত কোনোপধ্যেই ইছলামিক জেহাদী কাৰ্যকলাপ চলাবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ নেতা ময়ুৰ আলীয়ে ৷ আনকি গৰীয়া নেতা ময়ুৰ আলীৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্য়োতি মহন্তক জেহাদী কাৰ্যকলাপত লিপ্তসকলক কঠোৰতকৈয়ো কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় । জেহাদীক এনে শাস্তি দিবলৈ আহ্বান জনাই যাতে পিছলৈ কোনেও জেহাদৰ নাম ল’বলৈও ভয় কৰে ৷

বৰপেটাত গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল

কোনো কাৰণতে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট হবলৈ দিয়া নহ'ব বুলি সকীয়াই দিয়ে সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে ৷ একাংশ লোকৰ বাবে গৰীয়া মৰীয়াসকল লজ্জিত হ'বলগীয়া হোৱা বুলিও মন্তব্য কৰে পৰিষদৰ নেতাসকলে ৷ ইপিনে, জেহাদী কাৰ্যৰ সৈতে কোনো খিলঞ্জীয়া মুছলমান জড়িত নাই বুলি স্পষ্ট কৰি দিয়ে । জেহাদীৰ সৈতে বাংলাদেশী মুছলমানসকলহে জড়িত বুলি সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক: Assam devotees looted in Dumka : ঝাৰখণ্ডত অসমৰ তীৰ্থ যাত্ৰীক লুটপাত, এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.