Har Ghar Tiranga Mission: কলগাছিয়াত ৭৫তম স্বাধীনতা দিৱস উদযাপন উপলক্ষে বিশেষ গাঁওসভা

author img

By

Published : Aug 3, 2022, 1:54 PM IST

Har Ghar Tiranga mission preparation at Kalgachia in Barpeta

'আজাদী কা অমৃত উৎসৱ'ৰ(Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি দেশত আৰম্ভ হোৱা 'হৰ ঘৰ ত্ৰিৰংগা’ অভিযান অসমতো তীব্ৰতৰ হৈছে (Har Ghar Tiranga Programme at Kalgachia) । সামন্তৰালভাৱে এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে কলগাছিয়া গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত এখন বিশেষ গাঁওসভাৰ আয়োজন কৰা হয় (Meetings held for Har Ghar Tiranga campaign) ৷

জনিয়া, 3 আগষ্ট: ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ অনুষ্ঠিত হ'ব (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে ১৩, ১৪ আৰু ১৫ আগষ্টত এইবাৰ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে (Har Ghar Tiranga Abhiyan) ।

জন অংশীদাৰিত্বৰে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়েও দেশবাসীক আহ্বান জনাইছে ৷ দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটাৰ কলগাছিয়াতো ইয়াক লৈ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে (Har Ghar Tiranga mission preparation at Kalgachia) ৷ ‘ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন’ কাৰ্যসূচী সফলভাৱে সম্পাদন কৰাৰ বাবে ৫৫ নং কলগাছিয়া গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত এখন বিশেষ গাঁওসভাৰ আয়োজন কৰা হয় (Meetings held for Har Ghar Tiranga campaign) ৷

কলগাছিয়াত ৭৫তম স্বাধীনতা দিৱস উদযাপন উপলক্ষে বিশেষ গাঁওসভা অনুষ্ঠিত

জনিয়া সমষ্টিৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৫ নং কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাৰ সভাপতিত্বত এই সভাখন অনুষ্ঠিত হয় ৷ এই সভাৰ জৰিয়তে কলগাছিয়াৰ কোন কোন দোকানত আৰু কিমান দামত জাতীয় পতাকা পোৱা যাব সেই কথাও ৰাইজৰ সুবিধাৰ্থে জনোৱা হয় ৷

লগতে পঢ়ক: School provincialisation in Assam: অনিশ্চয়তাত ৰাজ্যৰ ২৪ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.