Fraud arrested in Barpeta: ATM ভাড়াত লৈ আন্তঃৰাজ্যিক চক্ৰৰ প্ৰৱঞ্চনা

author img

By

Published : Aug 4, 2022, 7:18 PM IST

Fraud arrested in Barpeta

বৰপেটাত দুষ্ট চক্ৰই পেলাইছে প্ৰৱঞ্চনাৰ জাল(Fraud arrested in Barpeta) ৷ বেংক একাউন্ট হেক কৰি একাউন্টৰ ধন উলিয়াই নিয়া আন্তঃৰাজ্যিক প্ৰৱঞ্চক চক্ৰৰ সৈতে জড়িত বৰপেটাৰ দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ ৷

বৰপেটা ৪ আগষ্ট: এইবাৰ বৰপেটা আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক(Fraud arrested in Barpeta) ৷ বেংক একাউন্ট হেক কৰি একাউন্টৰ ধন উলিয়াই নিয়া আন্তঃৰাজ্যিক প্ৰৱঞ্চক চক্ৰৰ সৈতে জড়িত বৰপেটাৰ দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই দুই প্ৰৱঞ্চক হৈছে ক্ৰমে ফৰিদ আব্দুল্লা আৰু জিয়াউৰ ৰহমান ৷ দুই অভিযুক্তৰ ঘৰ বৰপেটাৰ কয়াকুছিত বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত প্ৰৱঞ্চক দুটাক বৰপেটাৰ ভলুকাবাৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

বৰপেটাত ওলাল আন্তঃৰাজ্যিক প্ৰৱঞ্চক চক্ৰৰ সৈতে জড়িত দুই প্ৰৱঞ্চক

ইফালে, বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেই জনোৱা মতে, পশ্চিমবংগৰ আলিপুৰ দুৱাৰৰ এটা প্ৰৱঞ্চক চক্ৰৰ সৈতে জড়িত এই দুই প্ৰৱঞ্চক ৷ ধৃত দুই প্ৰৱঞ্চকে 'ফেডাৰেল বেংক'ৰ গ্ৰাহকৰ ATM কাৰ্ড ভাড়াত লৈ চলাই আহিছিল এই লুন্ঠন ৷

'ফেডাৰেল বেংক'ৰ একোখন ATM কাৰ্ড দৈনিক ৫শ টকাত ভাড়াত লৈ উক্ত ATM কাৰ্ডসমূহ জমা দিছিল পশ্চিমবংগৰ আলিপুৰ দুৱাৰৰ এটা প্ৰৱঞ্চক চক্ৰক ৷ আলিপুৰ দুৱাৰৰ উক্ত প্ৰৱঞ্চক চক্ৰটোৱে দেশৰ বিভিন্নজনৰ বেংক একাউন্টৰ পৰা অতি কৌশলেৰে ধন উলিয়াই নি ভাড়াত লোৱা 'ফেডাৰেল বেংক'ৰ ATM কাৰ্ডৰ নিৰ্দিষ্ট একাউন্টলৈ ট্ৰেন্সফাৰ কৰিছিল ধন ৷ তাৰপিচতে পুনৰ ATMৰ জৰিয়তে ধনসমূহ উলিয়াই নিছিল প্ৰৱঞ্চক চক্ৰটোৱে ৷

অতি কৌশলেৰে আৰক্ষীয়ে অনুসন্ধান চলাই উদঘাটন কৰে বিভিন্নজনৰ বেংক একাউন্টৰ পৰা উলিয়াই নিয়া ধনৰ সমগ্ৰ তথ্য ৷ উল্লেখ্য যে, বৰপেটাৰ একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ ATM কাৰ্ড ভাড়াত লৈ দেশত চলাই থকা প্ৰৱঞ্চনাৰ ঘটনাই আনকি আৰক্ষীৰো চকু কপালত তুলিছে ৷

লগতে পঢ়ক : Fraud arrested: ৰিয়েল ষ্টেটৰ ৰিয়েলিটী ফাদিল; লক্আপত চাৰি প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.