হাউলীত আটক ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Sep 23, 2021, 10:03 PM IST

drugs peddler arrested in barpeta

সমগ্ৰ দেশতে অব্যাহত আছে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান । বুধবাৰে হাউলীটো অসম আৰক্ষীয়ে চলাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ এই অভিযানত আটক হয় এজন ড্ৰাগছ সৰবৰাহকাৰী, লগতে জব্দ কৰা হয় বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷

বৰপেটা, 23 ছেপ্টেম্বৰ : সমগ্ৰ দেশ তথা ৰাজ্যতে অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ বৰ্তমানলৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে বহু ড্ৰাগছৰ ঘাটি ৷ আনকি আটক কৰিবলৈ সক্ষম হৈছে কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰী ৷ এইবাৰ বৰপেটাৰ হাউলীত অসম আৰক্ষীয়ে চলাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ বুধবাৰে হাউলী থানাৰ আৰক্ষীয়ে হাউলী চহৰৰ সমীপৰ ইটাৰভিতাত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় 18.31 গ্ৰাম ব্ৰাউন চুগাৰ ভৰ্তি কন্টেনাৰ ৷ লগতে হাউলী আৰক্ষীয়ে আটক কৰে এজন ড্ৰাগছ ব্যৱসায়ীক ৷

drugs peddler arrested in barpeta
হাউলীত আটক ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী

লগতে পঢ়ক : তিনিটাকৈ দালালৰ বাসগৃহত তালাচী অভিযান বৰপেটা আৰক্ষীৰ

হাউলী আৰক্ষীৰ এক সূত্ৰে প্ৰকাশ কৰা অনুসৰি, জব্দ হোৱা ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য বহু লক্ষ্যাধিক ৷ জানিব পৰা মতে, ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা AS15E 9919 নম্বৰৰ এখন পালছাৰ মটৰ চাইকেল এখনো জব্দৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমান হাউলী আৰক্ষীৰ জিম্মাত আছে আটকাধীন ড্ৰাগছ ব্যৱসায়ীজন ৷ উল্লেখ্য যে, এই সন্দৰ্ভত বৰ্তমানো আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

লগতে পঢ়ক : মহানগৰ আৰক্ষীৰ জালত ৪ গাঞ্জা ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.