D Voter Forum on Detention Camp: সীমান্ত আৰক্ষীৰ ভুৱা গোচৰত ডিটেনশ্যন কেম্পত লাখ লাখ লোক !

author img

By

Published : Dec 7, 2021, 9:12 PM IST

D voter forum demand

ডিটেনশ্যন কেম্পত থকা বহু লোকৰ বিৰুদ্ধে আছে ভুৱা গোচৰ । এই অভিযোগ ডি ভোটাৰ মঞ্চৰ । ডিটেশ্যন কেম্প সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মঞ্চৰ সম্পাদক ফাৰুক খানৰ (D voter forum reaction about detention camp)। অতি শীঘ্ৰে গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে মঞ্চই ।

কলগাছিয়া,৭ ডিচেম্বৰ : সোমবাৰে বিভিন্ন দাবীৰে ডি ভোটাৰ মঞ্চই কলগাছিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (D Voter forum protest at Kalgachia)। কিন্তু প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ মঞ্চৰ সম্পাদক ফাৰুক খানক আটক কৰিছিল । প্ৰতিবাদৰ অনুমতি নোলোৱাৰ বাবেই ফাৰুকক আটক কৰিছিল আৰক্ষীয়ে । অৱশ্যে পাছত মুকলি কৰি দিয়া হয় ফাৰুক খানক ।

ইয়াৰ পাছতে ডিটেনশ্যন কেম্প সন্দৰ্ভত ডি ভোটাৰ মঞ্চৰ সম্পাদকগৰাকীৰ বিস্ফোৰক মন্তব্য (D voter forum reaction about detention camp)। তেওঁৰ মতে সীমান্ত সুৰক্ষা বাহিনীৰ ভুৱা গোচৰৰ বাবে অসমৰ বহু লোকে ডিটেনশ্যন কেম্পত থাকিবলগীয়া হৈছে (People in detention camps due to fake cases of border police) । তেওঁ কেইবাগৰাকী ভুক্তভোগীৰ নাম উল্লেখ কৰি কয় যে, সীমান্ত সুৰক্ষা বাহিনীৰ ভুৱা গোচৰৰ বাবেই কলগাছিয়াৰ শহিদুল ইছলামে ২৩ মাহ ডিটেনশ্যন কেম্পত থাকিবলগীয়া হৈছিল । লগতে বৰপেটা জিলাৰ হাউলীৰ চানমোহন গোস্বামী ৫ বছৰ ধৰি ডিটেনশ্যন কেম্পত বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছিল ।

সীমান্ত আৰক্ষীৰ ভুৱা গোচৰত ডিটেনশ্যন কেম্পত লাখ লাখ লোক

সম্পূৰ্ণ নথি পত্ৰ থকাৰ পাছতো বিদেশীৰ নামত সীমান্ত আৰক্ষীয়ে ভুৱা গোচৰ লগাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপান কৰে ফৰুক খানে (Fake case of border police in the name of foreigners) । তেওঁৰ মতে বিনা অপৰাধত এজন লোকক সীমান্ত আৰক্ষীৰ ভুৱা গোচৰত FTA পক্ষপাতিত্বমূলক বিচাৰ প্ৰক্ৰিয়াৰে বিদেশী ঘোষণা কৰে আৰু FTA ৰ অধীনত কলগাছিয়াৰ আৰক্ষী থানাৰ অন্তৰ্গত সীমান্ত আৰক্ষীৰ গোচৰৰ ভিত্তিত ২১৬ জনৰ গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আগন্তুক অধিৱেশনত দাবীসমূহ উত্থাপন কৰি অযথা হাৰাশাস্তি নকৰি লোকসকলক মুক্তি দিয়াৰ বাবে দাবী জনাইছে ডি ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খানে । ভুৱা গোচৰসমূহ অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈও চৰকাৰক দাবী জনালে ডি ভোটাৰ মঞ্চৰ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক :তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.