Rang ghar National Drama Festival : ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সামৰণি অনুষ্ঠানত পৰিৱেশন ৰিঅ’ নাট

author img

By

Published : Dec 5, 2022, 10:41 PM IST

Conclude of 30th Rangghar National Drama Festival

1 ডিচেম্বৰৰ পৰা বৰপেটাত আৰম্ভ হোৱা ৩০ সংখ্যক ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ 4 ডিচেম্বৰত সামৰণি পৰে (Conclude of 30th Rangghar National Drama Festival) ৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত নাট মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ নিশা স্বাধীন থিয়েটাৰ দলে পৰিৱেশন কৰে ঋতুপৰ্ণ দাসৰ ৰচনা পৰিচালনাৰে ‘‘তোমাৰ নিবিড় মায়াৰে’’ আৰু উৰুগুৱেৰ এমাৰেছ থিয়েট্ৰ’ দলে নিবেদন কৰে ৰিঅ’ নামৰ নাটকেইখন ৷

বৰপেটা, 5 ডিচেম্বৰ : দেওবাৰে সামৰণি পৰিল বৰপেটাত অনুষ্ঠিত 30 সংখ্যক ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ (Conclude of 30th Rangghar National Drama Festival) ৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত নাট মহোৎসৱত ইম্ফল, কলিকতা, মুম্বাইৰ শিল্পীয়ে নাট পৰিৱেশনৰ পিছত দেওবাৰে নিশা স্বাধীন থিয়েটাৰ দলে পৰিৱেশন কৰে ঋতুপৰ্ণ দাসৰ ৰচনা পৰিচালনাৰে ‘‘তোমাৰ নিবিড় মায়াৰে’’ আৰু উৰুগুৱেৰ এমাৰেছ থিয়েট্ৰ’ দলে নিবেদন কৰে ৰিঅ’ নামৰ নাটখন ৷

ইফালে প্ৰথমবাৰৰ বাবে বিদেশৰ নাট্য দলে পৰিৱেশন কৰা নাট উপভোগ কৰিবলৈ দৰ্শকেৰে ভৰি পৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ (30th Rangghar National Drama Festival) ৷ উৰুগুৱেৰ প্ৰখ্যাত নাট পৰিচালক তথা অভিনেতা এণ্ড্ৰেছ ফেজিঅ’লীন’ (ANDRES FEGIOLINO) আৰু বেটিনা এণ্ডাৰিণাৰ অভিনয়েৰে সমৃদ্ধ ৰিঅ’ নাটখন উপভোগ কৰি দৰ্শক আপ্লুত হৈ পৰে ৷

বিশেষকৈ নাটখনৰ মাজে মাজে অসমীয়া শব্দ প্ৰয়োগেৰে দৰ্শকৰ সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়াস কৰে অভিনেতা এণ্ড্ৰেছ ফেজিঅ’লীন’ আৰু অভিনেত্ৰী বেটিনা এণ্ডাৰিণাই ৷ ইয়াৰ পূৰ্বে ঋতুপৰ্ণ দাসৰ পৰিচালনাৰে নিবেদন কৰা ‘‘তোমাৰ নিবিড় মায়াৰে’’ শীৰ্ষক নাটখনত অপৰ্ণা দত্ত চৌধুৰী আৰু সত্যজিৎ গগৈৰ অভিনয়েও দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে ৷

লগতে পঢ়ক : Rang Ghar National Drama Festival: বৰপেটাৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কাণ্ড দেশপাণ্ডে

দুয়োখন নাটৰ শেষত নাট দুখনৰে জড়িত পৰিচালক আৰু অভিনেতা অভিনেত্ৰীসকলৰ সৈতে সাংবাদিক আৰু দৰ্শকৰ মাজত এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানতে এণ্ড্ৰেছ ফেজিঅ’লীন’য়ে ভাৰতবৰ্ষ সাংস্কৃতিকভাৱে অতি চহকী আৰু বৈচিত্ৰতাৰে পূৰ্ণ বুলি মত প্ৰকাশ কৰে ৷

ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সামৰণি অনুষ্ঠানত পৰিৱেশন ৰিঅ’ নাট

অভিনেতাগৰাকীয়ে ব্ৰহ্মপুত্ৰ নদীৰ কথা উল্লেখ কৰি পৃথিৱীৰ বহু দেশত নৈবোৰ শুকাই যোৱাৰ কথা ব্যক্ত কৰে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নাটকৰ মাজেৰে মানুহৰ মাজত জিজ্ঞাসাৰ বীজ ৰোপণ কৰা আৰু পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে ৷

অভিনেত্ৰী বেটিনা এণ্ডাৰিণাই প্ৰথমবাৰৰ বাবে অসমলৈ আহি অত্যন্ত সুখী অনুভৱ কৰে ৷ লগতে তেওঁ বিহুৰ কথাও উল্লেখ কৰে ৷

লগতে পঢ়ক : Rang ghar National Drama Festival: কাছবা অৰ্ঘ্যৰ দুখনকৈ নাটকে মন্ত্ৰমুগ্ধ কৰিলে দৰ্শকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.