হৰি নামেৰে মুখৰিত বৰপেটাৰোড শাখা সত্ৰ

author img

By

Published : Oct 5, 2022, 5:02 PM IST

Srimanta Sankardeva Abhirbhav Tithi

অসমীয়া সাহিত্যৰ জনক, সংস্কৃতিৰ বাহক, একশৰণ নামধৰ্ম দৰ্শনৰ বাটকটীয়া তথা সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি আৱিৰ্ভাৱ তিথি (Srimanta Sankardeva Abhirbhav Tithi) । নামধৰ্মৰ অমৃত ৰসেৰে বৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰেৰে একত্ৰিত সমাজ গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী হোৱা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি আজি সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে ।

বৰপেটাৰোড, 5 অক্টোবৰ: জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ তিনিদিনীয়া বৰ্ণাঢ্য (Sankardeva birth anniversary observed at Barpetaroad) কাৰ্যসূচীৰে বৰপেটাৰোড শাখা সত্ৰত পালন কৰা হয় ৷ ৪ অক্টোবৰৰ পৰা আৰম্ভ হোৱা গুৰুজনাৰ এই আবিৰ্ভাৱ মহোৎসৱ কাইলৈ অৰ্থাৎ ৬ অক্টোবৰত সামৰণি পৰিব ৷ আবিৰ্ভাৱ মহোৎসৱত গুৰুজনাৰ বিভিন্ন সাংস্কৃতিক দিশ প্ৰদৰ্শন কৰাৰ লগতে প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে ৷

বুধবাৰে ভাগৱত শোভাযাত্ৰাৰ অন্তত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰি অনা নাম দলে বীৰ নাম অনুষ্ঠিত কৰে ৷ বিশেষকৈ বৰঙাজুলি সত্ৰৰ অন্তৰ্গত বালিসীতা সত্ৰৰ আই মাতৃসকলে বীৰ নামত অংশ গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ নাম প্ৰসংগৰ অন্তত মানিকপুৰৰ গীতা সত্ৰৰ সাংস্কৃতিক দলক বৰপেটাৰোড শাখা সত্ৰত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ৷

অমৃত ৰসেৰে মুখৰিত বৰপেটাৰোড শাখা সত্ৰ

ইপিনে, আবিৰ্ভাৱ মহোৎসৱৰ কাইলৈৰ অৰ্থাৎ অন্তিম দিনা বিভিন্ন কাৰ্যসূচীৰ উপৰিও পশ্চিমবংগৰ উত্তৰবংগৰ কেইবাজনো ভকতে বিভিন্ন স্থানত সত্ৰ স্থাপন কৰাৰ লগতে ভকতসকলে গুৰুজনাৰ বিভিন্ন দিশ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে সেই ভকতসকলক সম্বৰ্দ্ধনা জনাবলৈ এক সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ কাইলৈ সন্ধিয়া শাখা সত্ৰৰ মঞ্চত স্থানীয় ভকতসকলে এখন নাট মঞ্চস্থ কৰিব বুলিও আয়োজক সমিতিয়ে সদৰি কৰিছে ৷

ইপিলে, বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিওজনা গুৰুৰ মিলনভূমি সত্ৰনগৰী বৰপেটা জিলাৰ প্ৰায়বোৰ সত্ৰ-নামঘৰতে আজি অৰ্থাৎ বুধবাৰে সত্ৰীয়া ৰীতি পৰম্পৰাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন কৰা হয় (574th Birth anniversary of Srimanata Sankardev) ৷ বৰপেটা সত্ৰতো সত্ৰীয় ৰীতি পৰম্পৰা অনুসৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ (Sankardeva birth anniversary celebration in Assam) ৷

পুৱাৰে পৰা বৰপেটা সত্ৰ প্ৰাংগন হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰা পৰিলক্ষিত হয় ৷ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা গুৰুজনাৰ জন্মোৎসৱত বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকো উপস্থিত থাকে ৷ সত্ৰনগৰীৰ ভকত বৈষ্ণৱ, বাপ-বান্ধৱ, আই-মাতৃ সকলো সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা ভক্তি নিবেদন কৰে ৷

বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালনইফালে ঐতিহ্যমণ্ডিত আদি থান চিনপৰা ভিঠি থানতো তিনিদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে ৷ ইয়াৰ লগতে পাটবাউসী সত্ৰ, গজিয়া সত্ৰ, জনীয়া সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদি সত্ৰ, গোমূৰা সত্ৰ, চেঙাৰ ভৰি ধুৱা ঘাটসত্ৰ আদিতো গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.