Satra Lands Commission submits report : চৰকাৰৰ পদক্ষেপক আদৰণি বৰপেটা সত্ৰৰ

author img

By

Published : Dec 3, 2022, 1:47 PM IST

Barpeta

ৰাজ্য চৰকাৰে গঠন কৰা সত্ৰ আয়োগে চৰকাৰক অৰ্পন কৰিছে অন্তৱৰ্তীকালীন প্ৰতিবেদন (Report on Satra land encroachment)। প্ৰতিবেদন অনুসৰি বৰপেটা জিলাত থকা সত্ৰত সৰ্বাধিক বেদখল হৈছে । বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

বৰপেটা,৩ ডিচেম্বৰ : ৰাজ্য চৰকাৰে গঠন কৰা অসম সত্ৰ ভূমি সমস্যা আৰু পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে অন্তৱৰ্তীকালীন প্ৰতিবেদন শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে (Report on Satra land encroachment) । এই প্ৰতিবেদনত কেবাখনো সত্ৰৰ মাটি বেদখলৰ ভংয়কৰ তথ্য প্ৰকাশ পাইছে । আন আন সত্ৰৰ লগতে বৰপেটা সত্ৰৰ ভূমিও কেনেদৰে একাংশ লোকে বেদখল কৰিছে সেই তথ্যও প্ৰতিবেদনত প্ৰকাশ পাইছে ।

প্ৰতিবেদনত প্ৰকাশ পোৱা মতে বৰপেটা জিলাত থকা সত্ৰত সৰ্বাধিক বেদখল হৈছে । বৰপেটা জিলাত থকা বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ আৰু পাটবাউসী সত্ৰকে ধৰি ৭ খন সত্ৰৰ ৫,৫৪৫ বিঘা মাটি বেদখল হৈছে (Encroached Satra Land) ।

চৰকাৰৰ পদক্ষেপক আদৰণি বৰপেটা সত্ৰৰ

মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । চৰকাৰৰ পদক্ষেপক আদৰণী জনাইছে ডেকা সত্ৰীয়াগৰাকীয়ে । লগতে সত্ৰসমূহক সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে । ইফালে সত্ৰ আয়োগক ধন্যবাদ জ্ঞাপনো কৰিছে ডেকা সত্ৰীয়াই । উল্লেখ্য যে যোৱা ২৬ ডিচেম্বৰত বৰপেটা সত্ৰৰ আশিস লৈয়ে আয়োগে অসমৰ সত্ৰ সমূহৰ ভূমি বেদখলৰ জৰীপ আৰম্ভ কৰিছিল ।

উল্লেখ্য যে বিধায়ক প্ৰদীপ হাজৰিকা এই আয়োগৰ অধ্যক্ষ আৰু বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাক সদস্য হিচাপে লৈ অসমৰ সত্ৰৰ ভূমিৰ সমস্যা আৰু পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগ গঠন কৰা হৈছিল । এই আয়োগে যোৱা ডিচেম্বৰৰ পৰা ১২ জিলাৰ ৬২ খন সত্ৰ পৰিভ্ৰমণ কৰিছে । এই ভ্ৰমণৰ ভিত্তিত এই অন্তৱৰ্তীকালীন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে (Interim report on Satra land encroachment)।

প্ৰতিবেদনত উল্লেখ কৰা মতে ১২ জিলাৰ ৬২ খন সত্ৰৰ ৭৫০৪ বিঘা ৪ কঠা মাটি বেদখলৰ কবলত আছে । চূড়ান্ত প্ৰতিবেদন পোৱাৰ পাছত সকলো ব্যৱস্থা কৰা হ'ব । সত্ৰৰ মাটি বেদখল মুক্ত কৰা হ’ব । এয়া বিজ্ঞানসন্মতভাৱে কৰা হ'ব । চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে সত্ৰ আয়োগক ১২০ দিন‌ৰ সময় দিয়া হৈছে । চূড়ান্ত প্ৰতিবেদন লাভ কৰা সকলো তথ্য পৰীক্ষা কৰাৰ পাছত চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিব ।

লগতে পঢ়ক :Satra Lands Commission : সত্ৰ আয়োগৰ প্ৰতিবেদনত বেদখলৰ ভয়ংকৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.