Rape accused arrested: কিশোৰী ধৰ্ষণৰ অভিযোগত যুৱকক আটক

author img

By

Published : Aug 1, 2022, 6:41 PM IST

Rape accused arrested

কিশোৰী ধৰ্ষণৰ গোচৰত বৰপেটাত আটক যুৱক ৷ ষোল্ল বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক (Teenage girl rape in Barpeta)। গ্ৰেপ্তাৰ হোৱা অভিযুক্তটো সৰ্থেবাৰী থানাৰ অন্তৰ্গত গাদেশালীপামৰ দেলবৰ আলীৰ ২১ বছৰীয়া পুত্ৰ আবু তালেব বুলি জানিব পৰা গৈছে ।

বৰপেটা ১ আগষ্ট : বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ জালত পৰিছে কিশোৰী ধৰ্ষণকাৰী (Rape accused arrested in Barpeta) । ষোল্ল বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক (Teenage girl rape in Barpeta)। গ্ৰেপ্তাৰ হোৱা অভিযুক্তটো সৰ্থেবাৰী থানাৰ অন্তৰ্গত গাদেশালীপামৰ দেলবৰ আলীৰ ২১ বছৰীয়া পুত্ৰ আবু তালেব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে মাজদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষী থানাত ৮৫/২০২২ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/ ৪১৭/ ৫০৬ ধাৰা আৰু POSCO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ।

কিশোৰী ধৰ্ষণৰ অভিযোগত বৰপেটাৰ মাজদিয়া আৰক্ষীৰ জালত লম্পট যুৱক

ইফালে দীৰ্ঘদিন ধৰি পলাই আছিল অভিযুক্ত আবু তালেব নামৰ অভিযুক্তটো । বিশেষ খবৰৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিৰ্বাণ ৰাহাঙৰ নেতৃত্বত দেওবাৰে বিয়লি কুকাৰপাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ধৰ্ষণত অভিযুক্ত আবু তালেবক (Barpeta rape accused arrested) । ধৃত আবু তালেবক সোমবাৰে মাজদিয়া আৰক্ষীয়ে বৰপেটা আদালতত হাজিৰ কৰায় বুলি জানিব পৰা গৈছে (Barpeta crime news) ।

অভিযুক্তৰ বিৰুদ্ধে মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিৰ্বাণ ৰাহাঙে লোৱা কঠোৰ পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে । আনহাতে, ধৰ্ষণত অভিযুক্ত আবু তালেবৰ বিৰুদ্ধে আইনগত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীলৈ আহ্বান জনাইছে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় সচেতন লোকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.