Boat capsizes in Barpeta: মুকলিৰ পাছতেই ডুব গ’ল ‘ৰাইজৰ মনৰ পাখি’

author img

By

Published : Nov 12, 2022, 12:55 PM IST

Updated : Nov 12, 2022, 1:10 PM IST

Boat capsizes in Barpeta

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত উদমাৰীত শুকুৰবাৰে জনপ্ৰিয় তথা পৰম্পৰাগত বাইছালি নাওখেলৰ(Baisali Naokhel in Barpeta) এখন নাও মুকলি কৰা হয় ৷ নাওখন মুকলি কৰাৰ পাছতেই উৎফুল্লিত ৰাইজে উপস্থিত হয় মৰাবেকী নদীৰ পাৰত । কিন্তু মৰাবেকীত অনুশীলন কৰা সময়তে নৈখনৰ মাজমজিয়াত ডুব যায় নাঁওখন ৷

জনীয়া, 12 নৱেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত উদমাৰী গাঁৱৰ পূৰ্ববংগীয়মূলৰ মুছলমানসকলৰ এক জনপ্ৰিয় তথা পৰম্পৰাগত খেল বাইছালি নাওখেল(Boat capsizes in Barpeta) ৷ শুকুৰবাৰে অঞ্চলটোৰ ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এখন বাইছালি নাও ৷ নাওখন আনুষ্ঠানিকভাৱে মুকলি কৰাত উৎফুল্লিত হৈ পৰে ৰাইজ । ৰাইজৰ মনৰ আবেগৰ লগত মিলাই নাওঁখনৰ নাম ৰখা হয় ‘ৰাইজৰ মনৰ পাখি’ ৷

মুকলিৰ পাছতেই ডুব গ’ল ‘ৰাইজৰ মনৰ পাখি’

বাইছালি নাওখন আনুষ্ঠানিকভাৱে মুকলি কৰে অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড৹ ৰঞ্জিত ডেকাই । নাওখন মুকলি কৰাৰ পাছতে উপস্থিত সকলোৱে আনন্দত মতলীয়া হৈ নাও লৈ মৰাবেকী নদীৰ পাৰত উপস্থিত হয় ৷ আৰম্ভ কৰে অনুশীলন ৷ কিন্তু অনুশীলনৰ সময়তেই মৰাবেকীৰ বুকুত ডুব যায় বাইছালী নাওখন ৷

মূহূৰ্তৰ ভিতৰতে পানীৰ লগত একাকাৰ হৈ যায় ৰাইজৰ সকলো আশা ৷ ৰাইজৰ দান বৰঙনিৰে প্ৰায় ২.৫ লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল নাওখন ৷ নাওখন সাজি উলিওৱাতে সময় লাগিছিল প্ৰায় এমাহকাল । প্ৰাক্তন আঞ্চলিক পঞ্চায়ত সভাপতি আজগৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড° ৰঞ্জিত ডেকা আৰু অগপ নেতা তথা সমাজকৰ্মী আজগৰ আলী আহমেদে মুকলি কৰিছিল বাইছালি নাওখন(Baisali Naokhel in Barpeta) ৷

নাওখন মুকলি কৰাৰ পিছতেই মৰাবেঁকীত অনুশীলন কৰা সময়ত ডুৱ যায় যদিও কোনো লোক হতাহত হোৱাৰ কথা জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : Mandarin language training in Arunachal: অৰুণাচলৰ ১৬ জন আৰক্ষী বিষয়াক চীনা ভাষাৰ প্ৰশিক্ষণ

Last Updated :Nov 12, 2022, 1:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.