ডিমাপুৰত দিবা-নৈশ বেডমিণ্টন প্ৰতিযোগিতা

author img

By

Published : Feb 16, 2021, 1:20 PM IST

ডিমাপুৰত দিবা নৈশ বেডমিণ্টন প্ৰতিযোগিতা

ডিমাপুৰ যুৱ সংঘৰ উদ্যোগত বৰপেটাৰ কলগাছিয়াৰ ডিমাপুৰত আয়োজন কৰা হয় জিলাভিত্তিক দিবা-নৈশ প্ৰাইজমানি দ্বৈত বেডমিণ্টন প্ৰতিযোগিতা ।

জনীয়া,১৬ ফেব্ৰুৱাৰী: কলগাছিয়াৰ ডিমাপুৰত আয়োজন কৰা হয় জিলা ভিত্তিক দিবা-নৈশ প্ৰাইজমানি দ্বৈত বেডমিণ্টন প্ৰতিযোগিতা । প্ৰতিযোগিতাখন সোমবাৰে উদ্বোধন কৰে কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাই । ডিমাপুৰ যুৱ সংঘৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যাপক ড৹ ফকৰুল আলম আৰু কলগাছিয়া পাব্লিক স্কুলৰ অধ্যক্ষ শিৰাজ উদ্দিন ।

উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই ধৰণৰ প্ৰতিযোগিতাই অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰাৰ লগতে ক্ৰীড়াৰ প্ৰতি সকলোকে উৎসাহিত কৰিব বুলি আশা কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে । উল্লেখ্য যে, এই বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে ট্ৰফীৰ লগতে নগদ ৫ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ট্ৰফীৰ লগতে নগদ ৩ হাজাৰ টকা দিয়া হ’ব ।

লগতে পঢ়ক:নিৰ্মাণৰ দিশে বৰপথাৰ-নাওহলীয়া-বৰডুবী সংযোগী পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.