কলগাছিয়াত আমছুৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 25, 2021, 11:41 AM IST

AAMSU protest

দৰঙৰ গৰুখুঁটিৰ উচ্ছেদক লৈ উত্তাল প্ৰতিবাদ অব্যাহত আছে । বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই ।

জনীয়া, ২৫ ছেপ্টেম্বৰ : দৰং জিলাৰ ধলপুৰৰ গৰুখুঁটিৰ উচ্ছেদ অভিযানক লৈ সম্প্ৰতি সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰশাসনৰ উচ্ছেদক লৈ বিভিন্ন মহলত তীব্ৰ আলোড়নৰো সৃষ্টি হৈছে । ইফালে চৰকাৰ তথা প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে ।

কলগাছিয়াত আমছুৰ উত্তাল প্ৰতিবাদ
কলগাছিয়াত আমছুৰ উত্তাল প্ৰতিবাদ

বহু দল-সংগঠনে প্ৰশাসনৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছে । অসমৰ আন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো আমছুৱে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । গৰুখুঁটিৰ উচ্ছেদ অভিযানত অমানৱীয়ভাৱে নিৰীহ লোকক আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগ তুলিছে সংগঠনটোৱে ।

উচ্ছেদস্থলীত আৰক্ষীয়ে অমানৱীয়ভাৱে গুলীবৰ্ষণ কৰাৰো অভিযোগ আমছুৰ (AAMSU) । প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) পুত্তলিকা দাহ কৰে ।

AAMSU protest
কলগাছিয়াত আমছুৰ উত্তাল প্ৰতিবাদ

ইফালে উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে । অতি শীঘ্ৰে উচ্ছেদ বন্ধ কৰি আৰক্ষীৰ হাতত নিহত লোকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈও চৰকাৰক দাবী জনায় সংগঠনটোৱে । দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত ফটোগ্ৰাফাৰজনে গৰুখুঁটিত সংঘটিত কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সংগঠনটোৱে লগতে কঠোৰ শাস্তিৰো দাবী জনায় ।

লগতে পঢ়ক : মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী-অংগনবাদী কৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.