বৰপেটাৰ 9 টা দালালক এসপ্তাহৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

author img

By

Published : Sep 22, 2021, 1:58 PM IST

9-land-brokers-from-barpeta-have-been-sent-to-police-custody-for-a-week

মঙলবাৰে নিশা বৰপেটা আদালত(Barpeta Court)ত হাজিৰ কৰোৱা হৈছে বৰপেটাত আটক হোৱা 43 টা দালাল(Land Broker)ক ৷ আনহাতে, আৰক্ষীৰ আবেদনৰ ভিত্তিত আন 9 টাকৈ দালালকো 7 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

বৰপেটা, 22 ছেপ্তেম্বৰ : বৰপেটাত আটক হোৱা 43 টা দালাল(Land Broker)ক হাজিৰ কৰোৱা হৈছে বৰপেটা আদালত(Barpeta Court)ত ৷ মঙলবাৰে নিশা বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আটকাধীন মাটিৰ দালালকেইটাক ৷

আদালতে 34 টাকৈ মাটিৰ দালালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে আৰক্ষীৰ আবেদনৰ ভিত্তিত আন 9 টা দালালক এসপ্তাহৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীৰ জিম্মাত থকা দালাল কেইটা হৈছে- বৰপেটা চহৰৰ ধ্ৰুৱ দাস, গোবিন্দ দাস আৰু ৰমেণ দাস, বৰপেটাৰোডৰ ৰমানন্দ দাস, কৃষ্ণ দাস আৰু ইন্নছ আলী, হাউলীৰ ইনচান আলী, সৰভোগৰ কনক নাথ আৰু অৰুণ পাটোৱাৰী ৷

বৰপেটাৰ 9 জন দালালক এসপ্তাহৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

লগতে পঢ়ক: বৰপেটাত আটক ৪২ জন ভূ-মাফিয়াক

উল্লেখ্য যে, সোমবাৰে নিশাৰ পৰা মঙলবাৰৰ পুৱাৰ ভাগলৈকে বৰপেটা জিলাৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 43 টাকৈ ভূ-মাফিয়াক ৷ বৰপেটা, বৰপেটাৰোড, হাউলী, সৰভোগ, কলগাছিয়া, সৰ্থেবাৰী আৰু বহৰিস্থিত তাৰাবাৰী আৰক্ষীৰ জালত পৰিছিল ভূ-মাফিয়া কেইটা ৷

ৰাজ্যক অপৰাধমুক্ত কৰিবলৈ নিচাজাতীয় সামগ্ৰী অথবা চোৰাং ব্যৱসাসীৰ লগতে এইবাৰ চলিছে মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষী(Assam Police)ৰ তীব্ৰ অভিযান । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ হ’বলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদানৰ পাচতেই অধিক তৎপৰ হৈ পৰিছে আৰক্ষী বিভাগ ৷

লগতে পঢ়ক: ধুবুৰী আৰক্ষীৰ জালত লাট মণ্ডলসহ 22 জন দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.