মুণ্ডন নকৰাৰ অপৰাধত এঘৰীয়া ৫ টা পৰিয়াল

author img

By

Published : Sep 18, 2022, 2:23 PM IST

5 families isolated for not obey rituals in Barpeta

আধুনিক সমাজক লজ্জানত কৰা এটা ঘটনাৰ পুনৰাবৃত্তি হৈছে সত্ৰনগৰী বৰপেটাত ৷ চিৰাচৰিত নীতি-নিয়ম মানিবলৈ অপ্ৰস্তত হোৱাৰ বাবেই এঘৰীয়া হবলগীয়া হ'ল বৰপেটাৰ সত্ৰবাৰাদি গাৱঁৰ 5 টাকৈ পৰিয়াল(5 families isolated by villagers)৷

বৰপেটা, ১৮ ছেপ্টেম্বৰ: ৰাজ্যত পোহৰলৈ আহিছে এটাৰ পিছত এটাকৈ উদাৰ অসমীয়া সমাজ সংস্কৃতিক লজ্জানত কৰা ঘটনা ৷ এইবাৰ বৰপেটাৰ সত্ৰবাৰাদি গাৱঁত ৫ টা পৰিয়ালক এঘৰীয়া কৰাৰ ঘটনা সংঘটিত হৈছে (5 families isolated by villagers in Barpeta)। ৩ বছৰ পূৰ্বে মৃত্যু হৈছিল সত্ৰবাৰাদি গাৱঁৰ জিতেন্দ্ৰ নাথ দাস নামৰ এজন লোকৰ ৷

মুণ্ডন নকৰাৰ অপৰাধত এঘৰীয়া ৫ টা পৰিয়াল

জিতেন্দ্ৰ নাথ দাসৰ মৃত্যুৰ পিচত একশৰণীয়া নাম ধৰ্মৰ পৰম্পৰা ৰক্ষা কৰি লোকজনৰ তিনি পুত্ৰই কৰা নাছিল মুণ্ডন আৰু এই অপৰাধতে গাওঁবাসীয়ে একাষৰীয়া কৰিলে সত্ৰবাৰাদি গাৱঁৰ 5 টাকৈ পৰিয়ালক(Tradition conflict in Barpeta) ৷ জিতেন্দ্ৰ নাথ দাসৰ মৃত্যুৰ পাছতে গাওঁবাসীয়ে জিতেন্দ্ৰ নাথ দাসৰ তিনি পুত্ৰসহ পৰিয়ালটোক বিগত ৩ বছৰে কৰি ৰাখিছে এঘৰীয়া ৷

শ্ৰীমন্ত শংকৰদেৱ সমাজৰ ৰীতি-নীতি অনুসৰি মুণ্ডন নকৰাৰ অপৰাধতে এইদৰে এচাম কু-সংস্কাৰী লোকে তিনিবছৰ ধৰি মৃত জিতেন্দ্ৰ নাথ দাসৰ পৰিয়ালটোক এঘৰীয়া কৰি ৰাখিছে(Rituals of Sri manta Sankardeva somaj) । ইপিনে মৃত জিতেন্দ্ৰ নাথ দাসৰ শ্ৰাদ্ধ কৰ্মত সহযোগ কৰাৰ অপৰাধতে বীৰেণ পাঠককো এঘৰীয়া কৰি ৰাখিছে গাওঁবাসীয়ে ৷

উল্লেখ্য যে, বীৰেণ পাঠক সুদীৰ্ঘ ৩৫ বছৰ ধৰি বাৰাদি সত্ৰ পৰিচালনা সমিতিৰ সৈতে ওতপ্ৰোতঃভাৱে জড়িত হৈ আছিল যদিও তেৱোঁ তিনিবছৰ ধৰি এঘৰীয়া জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷ আনপিনে এবছৰ পূৰ্বে বীৰেণ পাঠকক নিজ সন্তানৰ নামাকৰণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ বাবে গাৱঁৰে আন এগৰাকী বাসিন্দা হৰেণ পাঠককো কৰা হৈছে এঘৰীয়া ।

এনেদৰে এটাৰ পিছত এটাকৈ সম্প্ৰতি বৰপেটাৰ সত্ৰবাৰাদি গাৱঁৰ মৃত জিতেন্দ্ৰ নাথ দাসৰ তিনিপুত্ৰ-পৰিয়ালৰ লগতে বীৰেন পাঠক, সুৰেন পাঠক, হৰেন পাঠক আৰু দয়াল তালুকদাৰসহ মুঠ ৫টাকৈ পৰিয়ালে সমাজৰ পৰা আতঁৰি এঘৰীয়া জীৱন অতিবাহিত কৰিবলগীয়া অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইপিনে এই পৰিয়ালকেইটাৰ ঘৰলৈ কোনো গাঁওবাসী আহ-যাহ কৰিলেও উক্ত পৰিয়ালটোক সমাজৰ পৰা এঘৰীয়া কৰা হব বুলি ভীতি প্ৰদান কৰিছে সমাজে । বিজ্ঞান-প্ৰযুক্তিৰ জয়জয়কাৰ দিনত অসমীয়া সমাজৰ এনে এলান্ধুকলীয়া চিন্তাই বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত ৷

লগতে পঢ়ক: ভাৰতত প্ৰথমবাৰৰ বাবে কেৰালাৰ চিকিৎসালয়ত দুগৰাকী লোকৰ সফল হাত সংৰোপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.