Kalgachia fake examinee case: কলগাছিয়া আৰক্ষীৰ জালত ৩ ভুৱা পৰীক্ষাৰ্থী

author img

By

Published : Dec 3, 2022, 12:00 PM IST

Kalgachia fake examinee case

কলগাছিয়াৰ চৰিয়তপুৰ আল আমিন কে ডি এম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পৰীক্ষাৰ ভুৱা পৰীক্ষাৰ্থী গোচৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে । নিশা বঙাইগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আন তিনিজন ভুৱা পৰীক্ষাৰ্থী (Fake examinee detained in Kalgachia)। ইয়াৰ পূৰ্বে এজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

কলগাছিয়া,৩ ডিচেম্বৰ : কলগাছিয়াৰ চৰিয়তপুৰ আল আমিন কে ডি এম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভুৱা পৰীক্ষাৰ্থী গোচৰত আন তিনিজনক আটক (3 fake examinee detained in Kalgachia)। বৃহস্পতিবাৰে নিশা কলগাছিয়া আৰক্ষীয়ে বঙাইগাঁও জিলাৰ চাকলাৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিওজনকে । সম্প্ৰতি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে । আন বহু ভুৱা পৰীক্ষাৰ্থী পলাতক বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, কলগাছিয়াৰ চৰিয়তপুৰ আল আমিন কে ডি এম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত মঙলবাৰে অনুষ্ঠিত হৈছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ অসম ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পৰীক্ষা (Assam State Open School Exams in Kalgachia)। উক্ত পৰীক্ষা কেন্দ্ৰটোত ভুৱা পৰীক্ষাৰ্থীয়ে পৰীক্ষা দি থকা বুলি গোপন সূত্ৰৰ পৰা জানিব পাৰি সাংবাদিকৰ এটা দল বিদ্যালয়খনত উপস্থিত হৈছিল । আনকি এই সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষৰ পৰা বিতং তথ্য জানিবলৈ চেষ্টা কৰাৰ সময়তে অধ্যক্ষই সাংবাদিকক ভুল পথে পৰিচালিত কৰিছিল ।

কলগাছিয়া আৰক্ষীৰ জালত ৩ ভুৱা পৰীক্ষাৰ্থী

অধ্যক্ষই পৰীক্ষা কেন্দ্ৰৰ পৰা ভুৱা পৰীক্ষাৰ্থীক পলাই যোৱাত সহায়ো কৰিছিল । ভুৱা পৰীক্ষাৰ্থীৰ পলায়নৰ বন্দী হৈছিল সাংবাদিকৰ কেমেৰাত । আনহাতে সাংবাদিকক আক্ৰমণ কৰিবলৈ খেদি আহিছিল কাৰ্যালয় সহায়ক হবিবৰ ৰহমান, শিক্ষক জিয়াৰুল হক, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শ্বামেছ উদ্দিন আৰু অন্যান্য শিক্ষকসকল (Attempt to attack journalist at Kalgachia)।

অৱশ্যে ঘটনাস্থলীত বলিকুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল । সাংবাদিকৰ তৎপৰতাত ছানিদুল ইছলাম নামৰ এগৰাকী ভুৱা পৰীক্ষাৰ্থীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল । ইতিমধ্যে আৰক্ষীয়ে ছানিদুল ইছলামক জেললৈ প্ৰেৰণ কৰিছে । ইয়াৰ পৰৱৰ্তী সময়ত সাংবাদিকক আক্ৰমণ আৰু ভুৱা পৰীক্ষাৰ্থী সন্দৰ্ভত সাংবাদিকে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

উক্ত এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে বঙাইগাঁও জিলাৰ চাকলাত চলোৱা এক অভিযানত আটক হয় তিনিওজন ভুৱা পৰীক্ষাৰ্থী । গোপন সূত্ৰৰ পৰা জানিব পৰা মতে বিভিন্ন থানাত তিনিওজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে । লক্ষণীয়ভাৱে সাংবাদিকক আক্ৰমণ কৰা এজনকো কিন্তু আৰক্ষীয়ে এতিয়ালৈ আটক কৰা নাই । সেয়ে সমগ্ৰ বিষয়টোত আৰক্ষীৰ ভূমিকাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

লগতে পঢ়ক :journalist attacked in Kalgachia: ভুৱা পৰীক্ষাৰ্থী ধৰা পেলোৱাৰ বাবেই সাংবাদিকক আক্ৰমণৰ লক্ষ্য শিক্ষক-কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.